শাৰীৰিক-মানসিক সুস্থতাৰ বাবে পুৱাই উঠিয়েই এইবোৰ কৰক

0
5

ৰাতিপুৱা টোপনিৰ পৰা সাৰ পায়েই নিয়ম কৰি প্ৰতিদিনে কেইটামান কাম কৰাৰ অভ্যাস কৰক৷ আপোনাৰ গোটেই দিনটোৱে সুচাৰুৰূপে, কৰ্মক্ষমতা বৃদ্ধি তথা প্ৰফুল্ল মনৰে কাম কৰিবলৈ সক্ষম হ’ব৷ আৰ্লি টু বেড, আৰ্লি টু ৰাইজ– গোটেই দিনটো ভালকৈ সুস্থভাৱে পৰিচালিত এটা অমোঘ বাণী৷ ঠিক একেদৰে হেলডি মৰ্নিং হেবিটছ অৰ্থাৎ পুৱা টোপনিৰ পৰা উঠিয়েই কৰা কেইটামান স্বাস্থ্যকৰ কামে গোটেই দিনটো আপোনাৰ সুস্থ-সবল, কৰ্মদক্ষ কৰি ৰাখিব পাৰে৷ অকল শাৰীৰিকভাৱেই নহয়, মানসিকভাৱেও ঠিকে ৰখাত সহায় কৰে এই অভ্যাসে৷ টোপনিৰ পৰা কি কি কৰা জৰুৰী তাৰ তালিকাখননৈ মন কৰিব৷
পুৱা বিছনাৰ পৰা নমাৰ আগতেই হাত-ভৰিৰ লঘু ষ্ট্ৰেচিং কৰিব৷
টোপনিৰ পৰা সাৰ পায়েই বহুতেই হাতত মোবাইল লয়৷ এই অভ্যাস একেবাৰে পৰিত্যাগ কৰক৷ অন্যথা পুৱাই মন-মেজাজ অশান্তি কৰিব তুলিব পাৰে৷
পুৱা টোপনিৰ পৰা উঠিয়েই ফ্ৰেচ হৈ কুহুমীয়া পানী সেৱন কৰা অভ্যাস কৰিলে গেছ, এচিডিটি, বদহজ, পেটৰ আন সমস্যাৰ পৰা দূৰ থাকিব পাৰি৷
পুৱা বিছনাৰ পৰা উঠাৰ পাছত মেডিটেশ্যনৰ অভ্যাস কৰাটো স্বাস্থ্যৰ পক্ষে ভাল৷ পুৱা ধ্যান কৰিলে মনঃসংযোগ উন্নত হয়৷ ফলত কামত মন বহে, একাগ্ৰতা বৃদ্ধি পায় আৰু ষ্ট্ৰেচ কমি থাকে৷
পুৱা উঠিয়েই দিনৰ ভাগত আপুনি কি কি কাম কৰিব তাৰ এখন তালিকা প্ৰস্তুত কৰিলে সুকলমে সকলো কাম সম্পন্ন হয়৷
পুৱা শুই উঠিয়েই ব্ৰাছ কৰি দাঁত-মুখ ধোৱাৰ পাছত আন কামত হাত দিব৷ টোপনিৰ পৰা উঠিয়েই গা ধুব নালাগে৷ কাৰণ বডী টেম্পাৰেচাৰৰ তাৰতম্য ঘটিব পাৰে৷
পুৱা উঠিয়েই কিছু সময় ৰৈ যোগাসন তথা শাৰীৰিক ব্যায়াম কৰাৰ অভ্যাস গঢ়ি তোলা নিতান্তই প্ৰয়োজন৷ তেতিয়া শাৰীৰিক তথা মানসিক স্বাস্থ্য সুস্থ-সবল হৈ থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here