শাক ৰঙা কিয় হয় ? ৰঙা শাকৰ উপকাৰিতা কিমান ?

0
151

গ্ৰীষ্মই হওক বা শীততে হওক শাক আমাৰ স্বাস্থ্যৰ বাবে ভীষণ উপকাৰী৷ শাকত থকা বিভিন্ন উপাদানে আমাৰ শৰীৰৰ নানা সমস্যা সমাধান কৰিব পাৰে৷ দেখাত শাক সেউজীয়া হয় যদিও বজাৰত কেতিয়াবা ৰঙা ৰঙৰো শাক পোৱা যায়৷ মনলৈ আহিব পৰা প্ৰশ্নটো হ’ল সাধাৰণতে দেখা শাকৰ ভিতৰতে কিছুমান শাকৰ বৰণ কিয় ৰঙা হয়৷ আচলতে ৰঙা শাকৰ পাতত প্লাষ্টিড নামৰ কোষ থাকে৷ ইয়াত ক্লৰোফিল পোৱা যায়৷ এই ক্লোৰোফিল আৰু তিনি প্ৰকাৰ– ক্লোৰোপ্লাষ্ট, ক্ৰোমোপ্লাষ্ট আৰু লিউকোপ্লাষ্ট৷ ৰঙা শাকত ক্ৰোমোপ্লাষ্ট নামৰ প্ৰকাৰবিধ থাকে বাবে দেখাত ৰঙা ৰঙৰ হয়৷ শৰীৰত হিমগ্লবিনৰ মাত্ৰা এই ৰঙা শাকে বঢ়াব পাৰে৷ যিসকলৰ ৰক্তাপ্লতাৰ দৰে সমস্যা আছে, তেওঁলোকৰ কাৰণে এই শাক অত্যন্ত উপকাৰী৷ ইয়াৰ উপৰি এই শাকত এমাইন’ এচিড, ফচফৰাছ, আইৰন, ভিটামিন-ই, পটাচিয়াম, ভিটামিন-চি, মেগনেচিয়াম আদি প্ৰচুৰ পৰিমাণে পোৱা যায়৷ গৱেষণাত জানিব পৰা মতে ৰঙা শাকত কেঞ্চাৰ প্ৰতিৰোধী উপাদানৰ উপস্থিতি পোৱা গৈছে৷ ৰঙা শাকে লিভাৰৰ স্বাস্থ্যৰ পৰা আৰম্ভ কৰি চৰ্দি, কাহ, কফজনিত সমস্যা আদিৰ পৰা সকাহ দিব পাৰে৷ জ্বৰৰ সময়ত হোৱা অৰুচি বা খাবলৈ মন নকৰা আহি নোহোৱা কৰিব পাৰে ৰঙা শাকে৷ ৰঙা শাকত বিপুল পৰিমাণে ভিটামিন তথা খনিদ পোৱা যায়৷ বিশেষকৈ এই শাকত ভিটামিন-কে, ভিটামিন-এ, ভিটামিন-চি, কপাৰ, জিংক, আদিৰ দৰে লাগতিয়াল উপাদান থাকে৷ সেয়ে নিয়মিতভাৱে এই শাক খালে শৰীৰৰ ইমিউনিটি বাঢ়ে৷ আনকি চকুৰ স্বাস্থ্য ভালে ৰাখিবলৈ এই শাক যথেষ্ট কাৰ্যকৰী৷ ইয়াৰ লগতে এনিমিয়া সমস্যাৰ পৰা দ্ৰুত সুস্থ পাবলৈ নিয়মিতভাৱে এই শাক খাব পাৰে৷ ৰঙা শাকত থকা ফাইবাৰে ৰক্ত প্ৰবাহত চেনিৰ শোষণক ধীৰ মন্থৰ কৰাত সহায় কৰে, যিয়ে ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত বেছ কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷ ভিটামিন-চি সমৃদ্ধ এইবিধ শাকে শৰীৰৰ ৰোগ প্ৰতিৰোধ শক্তি বঢ়োৱাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here