শাক-পাচলিৰ নমুনাৰ পৰীক্ষাঅসমলৈ আহিল বাৰ্ক বায়’কিট

0
454


বজাৰত পোৱা একেবাৰে সতেজ, সজীৱ পাচলি বা ফল-মূলে গ্ৰাহকক আকৰ্ষণ কৰে৷ অত্যধিক দাম দি হ’লেও সেইবোৰহে কিনিবলৈ গ্ৰাহকে হেতা-ওপৰা লগায়৷ কিন্তু তেনেধৰণৰ পাচলি কিমান স্বাস্থ্যসন্মত সেই কথালৈ আপুনি মন কৰিছেনে? আজিকালি কম সময়তে কৃষিৰ চাহিদা বঢ়াবলৈ কৃষকে বিভিন্ন ৰাসায়নিক সাৰ প্ৰয়োগ কৰে, যাতে কম সময়ত ভিতৰতে বজাৰলৈ উলিয়াই দিব পাৰে আৰু মূলধনো অৰ্জন কৰিব পাৰে৷ তেনে পাচলি বা ফল-মূল খোৱাৰ পাছত কিমান মাৰাত্মক ক্ষতি হ’ব পাৰে, তালৈ ভ্ৰূক্ষেপ নকৰে৷ আজিকালি বজাৰত ওলোৱা প্ৰায়বোৰ শাক-পাচলিত অত্যধিক মাত্ৰাত ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত খোৱাৰ অনুপযোগী হৈ পৰিছে৷ যাৰ ফলত বিভিন্ন দুৰাৰোগ্য ৰোগৰ প্ৰাদুৰ্ভাৱে দেখা দিছে৷ খেতিত অত্যধিক পৰিমাণে ৰাসায়নিক সাৰ প্ৰয়োগ ৰোধৰ বাবে সময়ে সময়ে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সুফল পোৱা নাই৷ ইয়াৰ প্ৰতিকাৰ ৰূপে এইবাৰ ৰাজ্য চৰকাৰে শাক-পাচলিত ৰায়ায়নিক দ্ৰব্যৰ উপস্থিতি ধৰা পেলাবলৈ মুম্বাইৰ ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰৰ পৰা বাৰ্ক বায়’টিক আনিছে৷ এই বাৰ্ক বায়’টিক জৰিয়তে শাক-পাচলিত ৰাসায়নিক দ্ৰব্য, কীটনাশক দ্ৰব্য উপস্থিতি তাৎক্ষণিকভাৱে ধৰা পেলাবলৈ সক্ষম হ’ব৷ উল্লেখ্য যে সীমা ভূঞাই দাখিল কৰা এই পি আই এলৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে শাক-পাচলিত কীটনাশক দ্ৰব্যৰ উপস্থিতি পৰীক্ষা কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জাৰি কৰিছিল৷ ন্যায়ালয়ৰ এই নিৰ্দেশৰ ওপৰত ভিত্তি কৰিয়েই ৰাজ্যৰ কৃষি বিভাগ, খাদ্য সুৰক্ষা বিভাগ, গৃহ বিভাগ, পৰিবহণ বিভাগ, গুৱাহাটী পৌৰ নিগম, কৃষি সামগ্ৰী বিপণন বিষয়াসকলক লৈ শাক-পাচলিৰ পৰীক্ষাৰ বাবে এখন যুটীয়া সমিতি গঠন কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here