ভি আই পি বা ভি ভি আই পিৰ বাহনক আগস্থান দিয়া সংস্কৃতি দেশত প্ৰচলিত হৈ আহিছে৷ ৰাজপথত সকলো যান-বাহনত ৰোৱাত থৈ একাষৰীয়া কৰি কেৱল ভি আই পিৰ যান-বাহনক যাবলৈ দিয়াৰ প্ৰথা চলি আহিছে৷ ইয়াৰ ফলত যান-জঁটত আবদ্ধ হৈ বহু ৰোগীৰ মৃত্যু হোৱাৰ লগতে পথত চলাচল কৰা জনসাধাৰণৰ ভালেখিনি অসুবিধাৰ সন্মুখীন হৈছিল৷ আনহাতে ভি আই পিৰ গাড়ীয়ে অনাহকতে ছাইৰেন বজাই অহাৰ ফলত বায়ু প্ৰদূষণৰ মাত্ৰা যথেষ্টখিনি বৃদ্ধি পায়৷ কিন্তু ৰাজপথত চলা ভি আই পিৰ এই সংস্কৃতি যেন বন্ধ হোৱাৰ পথত৷ কিয়নো ভি আই পিৰ বাহনত নিষিদ্ধ কৰা হ’ব ছাইৰেন বজোৱা প্ৰক্ৰিয়া৷ এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ কেন্দ্ৰীয় পথ পৰিবহণ-ঘাইপথ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰিছে যে ভি আই পি ৰঙা লাইট যেনেদৰে বন্ধ কৰা হৈছে, সেইদৰে ভি আই পিৰ বাহনে ছাইৰেন বজোৱাটোও নিষিদ্ধ কৰা হ’ব৷ শব্দ প্ৰদূষণ ৰোধৰ বাবে এই পদক্ষেপ লোৱা হ’ব বুলি মন্ত্ৰীজনে সদৰী কৰে৷ ইয়াৰ বাবে শীঘ্ৰেই আইন প্ৰণয়ন কৰা হ’ব৷ কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে এই সন্দৰ্ভত কয় যে ভি আই পিৰ বাহনত উগ্ৰ শব্দৰ ছাইৰেনৰ পৰিৱৰ্তে এতিয়াৰে পৰা এই গাড়ীসমূহ ছাইৰেনৰ পৰিৱৰ্তে বাঁহী, তবলা, শংখৰ মৃদু শব্দৰ প্ৰয়োগ কৰাৰ সিদ্ধান্ত লয়, যিয়ে উচ্চ স্বৰৰ শব্দ প্ৰদূষণৰ পৰা নাগৰিকসকলৰ যথেষ্টখিনি সকাহ দিব৷ যদি কেন্দ্ৰীয় চৰকাৰে ভি আই পিৰ গাড়ীত ছাইৰেন নিষিদ্ধ কৰি এই ব্যৱস্থা কাৰ্যকৰী কৰে, তেন্তে ছাইৰেনৰ উৎকট শব্দৰ পৰা নাগৰিকসকলে সকাহ পাব আৰু বায়ুত শব্দ প্ৰদূষণৰ মাত্ৰাও যথেষ্টখিনি হ্ৰাস পাব৷