আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই আন গ্ৰহত জীৱৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে৷ বিশেষকৈ মঙল গ্ৰহত জীৱৰ সন্ধানত নাছাই অভিযান চলাই আছে৷ ইয়াৰ প্ৰধান কাৰণ হ’ল গ্ৰহটোত এসময়ত জীৱৰ বাবে অনুকূল পৰিৱেশ আছিল বুলি অনুমান কৰা হৈছে৷ শেহতীয়াকৈ নাছাক জেট প্ৰপালশ্যন লেবৰেটৰীয়ে এই প্ৰসংগত এক গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে৷ জেট প্ৰপালশ্যন লেবৰেটৰীৰ বিজ্ঞানীসকলৰ মতে, শনি গ্ৰহৰ উপগ্ৰহ এনচেলেডাছত জীৱ সৃষ্টিৰ বাবে প্ৰয়োজন হোৱা ফচফৰাছ মজুত আছে৷ উপগ্ৰহটোত বৰফৰ টুকুৰাত ফচফৰাছ মজুত থকা বুলি তেওঁলোকে তথ্য লাভ কৰিছে৷ উল্লেখ্য যে জীৱ সৃষ্টিত ফচফৰাছৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ নাছাই কেছিনো অভিযানে প্ৰেৰণ কৰা তথ্যৰ পৰা এই কথা প্ৰকাশ কৰিছে৷ শনি গ্ৰহৰ পৃষ্ঠভাগৰ তলত এখন সাগৰ আছে বুলি কোৱা হয়৷ উপৰি ভাগত থকা বৰফত ফাট মেলিলে এই সাগৰৰ পানী বাহিৰলৈ ওলাই আহে৷ কেছিনোৱে প্ৰেৰণ কৰা তথ্যৰ পৰা বিজ্ঞানীসকলে এই মত প্ৰকাশ কৰে যে এনচেলেডাত বৃহৎ পৰিমাণৰ খনিজ আৰু জৈৱ পদাৰ্থ আছে৷ ইয়াৰ ভিতৰত এমিনো এচিডো আছে৷