শতাধিক শতায়ু গৰকাত সহায় কৰিব পাৰে বেক্টেৰিয়া-ভাইৰাছে

0
173


কিছুমান মানুহ শতাধিক বছৰ কেনেকৈ জীয়াই থাকে– বিজ্ঞানীসকলেও এই প্ৰশ্নৰ উত্তৰ বিচাৰি আছিল৷ অৱশেষত তেওঁলোকে ইয়াৰ এটা উত্তৰ বিচাৰি পাইছে৷ কোপেনহেগেন বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে এই সম্পৰ্কত এটা অধ্যয়ন চলাইছিল৷ ইয়াৰ পৰা তেওঁলোকে জানিব পাৰিলে যে যদি ভাইৰাছ-বেক্টেৰিয়া কাৰোবাৰ প্ৰতি দয়ালু হয় তেতিয়া তেওঁ ১০০ বছৰ জীয়াই থকাটো কোনো ডাঙৰ কথা নহয়৷ বিশ্ববিদ্যালয়খনৰ বিজ্ঞানীসকলে জাপানৰ শতাধিক বয়সৰ ১৭৬জন লোকক লৈ এই অধ্যয়নটো কৰিছিল৷ তেওঁলোকে জানিব পাৰিলে যে এই জাপানী লোককেইজনৰ গেষ্ট্ৰ’ইনটেষ্টাইনেল ট্ৰেক্টত কিছুমান বিশেষ বেক্টেৰিয়া আৰু ভাইৰাছৰ এক বিশেষ মিশ্ৰণ আছিল৷ এই অধ্যয়নটোৰ পৰা তেওঁলোকে জানিব পাৰিলে যে মানুহৰ অন্ত্ৰত থকা কিছুমান ভাইৰাছ স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে৷ জাপানী লোকসকলক লৈ কৰা অধ্যয়নটোৰ পৰা তেওঁলোকে জানিব পাৰিলে যে অন্ত্ৰত থকা বেক্টেৰিয়া-ভাইৰাছে নতুন জীৱাণুৰ সৃষ্টি কৰে, যি বীজাণুৰ পৰা শৰীৰক ৰক্ষা কৰাত সহায় কৰে৷ এই অধ্যয়নটোৰ প্ৰতিবেদন লিখা জোৱাছিম জোহানছনৰ মতে, এই জীৱাণুৱে জাপানী বৃদ্ধ লোকৰ কেৱল অন্ত্ৰক সংক্ৰমণৰ পৰা ৰক্ষা কৰি দীৰ্ঘদিন জীয়াই থকাত সহায় কৰিব পাৰে৷ গৱেষকসকলে অধ্যয়নটোত শতাধিক বছৰৰ জাপানী লোকৰ লগতে ১৮-৮০ বছৰ বয়সৰ জাপানী লোকৰ অন্ত্ৰ পৰীক্ষা কৰি চাইছিল৷ তেওঁ বয়োবৃদ্ধ জাপানী লোকসকলৰ অন্ত্ৰত পোৱা বেক্টেৰিয়া আৰু ভাইৰাছৰ অধিক জৈৱিক বিচিত্ৰতা দেখা পাইছিল৷ বিজ্ঞানীসকলৰ মতে, মানুহৰ পেটত থকা কিছুমান নিৰ্দিষ্ট বেক্টেৰিয়া আৰু ভাইৰাছে বয়স বৃদ্ধিৰ সময়ত মানুহক ৰোগৰ পৰা ৰক্ষা কৰে৷ এই অধ্যয়নটোৰ ফলত ভৱিষ্যতে মানুহৰ বয়স বৃদ্ধিৰ বাবে প্ৰয়োগ কৰিব পৰা যাব বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here