লোভনীয় অফাৰ : তৃতীয় সন্তান হ’লে পাব ১২ লাখ টকাৰ বোনাছ

0
577


বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ জনসংখ্যাৰ দেশ চীন হিচাপে বহু বছৰ স্থান দখল কৰি আহিছে যদিও সৌ সিদিনাহে ভাৰতে চীনক ওফৰাই এই স্থান দখল কৰিবলৈ সক্ষম হয়৷ চীনে জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি ছিংগল চাইল্ড বা এটি সন্তানৰ নীতি মানি আহিেছ৷ ইয়াৰ ফলত পৃথিৱীৰ অন্যতম বৃহৎ দেশখনত তৰুণৰ তুলনাত বয়স্ক লোকৰ সংখ্যা ক্ৰমবৰ্ধমান হাৰত বাঢ়িছে৷ যাৰ ফলত কৰ্মঠ লোক পোৱাটো কঠিন হৈ পৰিছে৷ সেয়ে কৰ্মীৰ সংখ্যা বৃদ্ধিৰ হেতু ইয়াৰ নাগৰিকক বেছি সন্তান জন্ম দিয়াৰ পৰামৰ্শ দিছে চীনা চৰকাৰে৷ এই পৰিস্থিতিত চৰকাৰী কৰ্মচাৰী তথা ইয়াৰ লোকসকলক চীনৰ এটা প্ৰযুক্তি প্ৰতিষ্ঠানে লোভনীয় অফাৰ দিছে৷ উক্ত প্ৰতিষ্ঠানটোৱে ঘোষণা কৰিছে যে তিনিটা সন্তান জন্ম দিলে কৰ্মচাৰীসকলক বেতনসহ এবছৰলৈ ছুটী দিয়া হ’ব৷ ইয়াৰ লগতে আৰ্থিক বোনাছ হিচাপে ১২ লাখ টকাকৈ আগবঢ়োৱা হ’ব৷ সম্প্ৰতি প্ৰকাশিত এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে হংকঙৰ সংবাদ মাধ্যম ছাউথ চাইনা মৰ্নিং পোষ্টে৷ মূলতঃ দেশখনত জন্মৰ হাৰ বঢ়োৱাৰ ক্ষেত্ৰত চৰকাৰীভাৱে উৎসাহ দিয়াৰ উপৰি বেচৰকাৰী প্ৰতিষ্ঠানেও আগবাঢ়ি আহিছে৷ আন এটা সংবাদ মাধ্যম বিজনেছ ডেইলীৰ প্ৰতিবেদন অনুযায়ী সন্তানৰ পিতৃ-মাতৃ হ’লে চীনত বেতনসহ ছুটী, কৰ ৰেহাই আৰু আৰ্থিকভাৱে পুৰস্কৃত কৰা হ’ব৷ শিশুটিৰ লালন পালনৰ ক্ষেত্ৰতো নানাৰকমৰ উৎসাহ দিছে চীনা চৰকাৰে৷ অনুৰূপ সহায় আগবঢ়াইছে ইয়াৰ বেচৰকাৰী প্ৰতিষ্ঠানেও৷ ছাউথ চাইনা মৰ্নিং পোষ্টৰ প্ৰতিবেদনত কোৱা হৈছে যে দ্য বেই নং টেকনলজি গ্ৰুপ নামৰ চীনৰ ৰাজধানী বেইজিংভিত্তিক এটা প্ৰযুক্তি প্ৰতিষ্ঠানৰ কৰ্মীসকলে সন্তান জন্ম দিলে উৎসাহিত কৰাৰ উদ্দেশ্যে এক লোভনীয় অফাৰ ঘোষণা কৰিছে৷ সংস্থাটোৱে ঘোষণা কৰা মতে তেওঁলোকৰ প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মীসকলে তৃতীয় সন্তান জন্ম দিলে ৯০ হাজাৰ ইউয়ান বোনাছ হিচাপে লাভ কৰিব৷ ইয়াৰ উপৰি সন্তান জন্ম দিয়া মাতৃগৰাকীয়ে বেতনসহ এবছৰলৈ ছুটী পাব৷ একেদৰে সন্তানৰ পিতৃয়েও জ্ঝ মাহৰ ছুটী লাভ কৰিব৷ ইয়াৰ উপৰি সংস্থাটোৱে ঘোষণা কৰা মতে প্ৰথম শিশুৰ কাৰণে পুৰস্কাৰ হিচাপে দিয়া হ’ব ৩০ হাজাৰ ইউয়ান, দ্বিতীয় সন্তান জন্ম দিলে দিয়া হ’ব ৬০ ইউয়ান৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here