প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে যে নামকৰণৰ পৰম্পৰা মতে চন্দ্ৰত চন্দ্ৰযান-৩য়ে অৱতৰণ কৰা বিন্দুটোক ‘শিৱ শক্তি বিন্দু’ বুলি নামকৰণ কৰা হয়৷ সফল চন্দ্ৰ অভিযানৰ বাবে ইছৰ’ৰ বিজ্ঞানীসকলৰ সৈতে মত বিনিময় কৰিবলৈ মোদী গ্ৰীচৰ ৰাজধানী এথেন্সৰ পৰা পোনে পোনে বেংগালুৰুলৈ আহে আৰু লেণ্ডাৰ বিক্ৰামে অৱতৰণ কৰা ঠাইডোখৰৰ নাম ‘শিৱ শক্তি পইণ্ট’ [বিন্দু] হিচাপে নামকৰণ কৰিবলৈ লোৱা সিদ্ধান্ত ঘোষণা কৰে৷ চন্দ্ৰযান-৩ অভিযানৰ সফলতাক ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ ইতিহাসত এটা ‘অসাধাৰণ মুহূৰ্ত’ বুলি অভিহিত কৰি মোদীয়ে কয় যে ২০১৯ চনত চন্দ্ৰপৃষ্ঠৰ যি ঠাইত চন্দ্ৰযান-২১ লেণ্ডাৰটো পৰি বিধবস্ত হৈছিল সেই ঠাইক ‘ত্ৰিৰংগা পইণ্ট’ [ত্ৰিৰংগা বিন্দু] বুলি জনা যাব৷ প্ৰধান মন্ত্ৰীয়ে কয়, ‘অৱতৰণৰ স্থানৰ নামকৰণৰ এটা বৈজ্ঞানিক পৰম্পৰা আছে৷ আমাৰ চন্দ্ৰযান-৩য়ে চন্দ্ৰৰ যিঠাইত অৱতৰণ কৰিলে সেই ঠাইৰ নামকৰণ কৰিবলৈ ভাৰতে সিদ্ধান্ত লৈছে৷ বিক্ৰম লেণ্ডাৰে অৱতৰণ কৰা স্থানক শিৱ শক্তি পইণ্ট হিচাপে জনা যাব৷ শিৱত মানৱজাতিৰ কল্যাণৰ সংকল্প আছে আৰু শক্তিয়ে আমাক সেই সংকল্পবোৰ পূৰণ কৰিবলৈ শক্তি দিয়ে৷ চন্দ্ৰৰ এই শিৱ শক্তি বিন্দুৱে হিমালয়ৰ পৰা কন্যাকুমাৰীলৈকে সম্পৰ্ক বা সংযোগৰ এটা বোধ জন্মায়৷ তেওঁ কয় যে ভাৰতৰ ধৰ্মগ্ৰন্থবোৰত থকা জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় সূত্ৰবোৰ বিজ্ঞানসন্মতভাৱে প্ৰমাণ কৰিবলৈ নতুন প্ৰজন্ম আগবাঢ়ি অহা উচিত আৰু সেইবোৰ নতুনকৈ অধ্যয়ন কৰা উচিত৷ প্ৰধান মন্ত্ৰীয়ে উল্লেখ কৰে যে চন্দ্ৰৰ যি ঠাইও চন্দ্ৰযান-২য়ে ইয়াৰ চিন ৰাখিলে সেই ঠাইক এতিয়াৰ পৰা ‘ত্ৰিৰংগা’ বুলি কোৱা হ’ব৷ এই ‘ত্ৰিৰংগা বিন্দু’ৱে ভাৰতৰ সকলো চেষ্টাৰ বাবে এটা অনুপ্ৰেৰণা হিচাপে কাম কৰিব আৰু আমাক মনত পেলাই দিব যে ব্যৰ্থতাই শেষ নহয়৷ ‘প্ৰবল ইচ্ছা শক্তি থাকিলে সফলতা নিশ্চিত৷’ ২৩ আগষ্টৰ দিনটোক ‘ৰাষ্ট্ৰীয় মহাকাশ দিৱস’ বুলি ঘোষণা কৰি মোদীয়ে কয় যে এই দিৱসে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ উদ্যমক স্বীকৃতি দিব আৰু অনন্ত কালৰ বাবে আমাক অনুপ্ৰেৰণা যোগাব৷