Daily newsFitness PlusHealth NaturallyHealth Talksলেজাৰমেন ডাঃ অৰূপ কুমাৰ নাথৰ নেতৃত্বত ১২৬সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰBy Health Plus - August 25, 202502Facebook Twitter Pinterest WhatsApp গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD আৰু বীৰ লাচিত সেনা, অসম লাকুৱা আঞ্চলিকৰ অন্তৰ্গত চলাপথাৰ শাখা সমিতিৰ উদ্যোগত তথা ESKFৰ সহযোগত যোৱা ২৪ আগষ্ট, ২০২৫, দেওবাৰে লাকুৱাৰ চলাপথাৰৰ অংকুৰ নাট্য মন্দিৰত অনুষ্ঠিত হয় কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ১২৬সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ৷ উক্ত চিকিৎসা শিবিৰটোত ৬৫গৰাকী ৰোগীক কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰা হয়৷ শিবিৰৰ আৰম্ভণিতে এক চমু অনুষ্ঠানত iUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰ’লজিষ্ট বিশেষজ্ঞ ডাঃ অৰূপ কুমাৰ নাথক সম্বৰ্ধনা জনোৱা হয়৷ উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাত ভোগা ৰোগীসকলক চিকিৎসা প্ৰদান কৰা হয় আৰn তেওঁলোকৰ এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিধান দিয়াৰ লগতে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰা হয়৷ উল্লেখ্য যে কিডনী হস্পিটেল iUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰ’লজি বিশেষজ্ঞ ‘লেজাৰমেন অব্ ইণ্ডিয়া’খ্যাত ডাঃ অৰূপ কুমাৰ নাথৰ তত্ত্বাৱধানত চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ এটি সঁজাতী দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰত্যন্ত অঞ্চলকে ধৰি বিভিন্ন চহৰ-নগৰলৈ গৈ ৰাইজৰ মাজত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টি কৰি অহাৰ লগতে এনে সমস্যাত ভোগা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছে৷ উল্লেখ্য যে সোণাপুৰত থকা iUKD হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম তথা একমাত্ৰ কিডনী হস্পিটেল, য’ত কেৱল কিডনী সম্পৰ্কীয় সকলো চিকিৎসা প্ৰদান কৰা হয়৷ আনহাতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম তথা একমাত্ৰ ইউৰ’লজিকেল ৰব’টিক ছাৰ্জাৰী সেৱাৰ দ্বাৰা অস্ত্ৰোপচাৰৰ সম্পাদন কৰি অসমৰ স্বাস্থ্যখণ্ডৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে৷উল্লেখ্য যে মানৱদৰদী চিকিৎসক ডাঃ নাথে চিকিৎসাৰ জৰিয়তে ইতিমধ্যে সমাজৰ হকে বিভিন্ন কল্যাণমূলক কাম কৰি আহিছে, যাতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কিডনীজনিত ৰোগত ভোগা ৰোগীসকলৰ ক্ষেত্ৰত আশানুৰূপ পদক্ষেপ গ্ৰহণ কৰি অসমখন এইধৰণৰ জটিল ৰোগৰ পৰা শংকামুক্ত কৰিব পাৰে, তাৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা তথা সজাগতা সৃষ্টিৰ উদ্দেশ্যে কাম কৰি আহিছে৷