লিভাৰ সুস্থ ৰাখিবলৈ এই ‘পেইন কিলাৰ’ শাক

0
175

বিভিন্ন প্ৰকাৰৰ শাক পোৱা যায় আৰু সেইবোৰৰ খাদ্যগুণ বেলেগ বেলেগ৷ কিছুমান এনে শাক আছে, যাৰ আছে সাংঘাতিক পুষ্টিগুণ৷ তেনে শাকৰ ভিতৰত হেলচি শাক অন্যতম৷ পুষ্টিবিদৰ মতে নিয়মিতভাৱে খাদ্য তালিকাত হেলচি শাক ৰাখিলে বদহজম আৰু এচিড ৰিফ্লেক্সৰ সমস্যাৰ পৰা মুক্তি পাব পাৰি৷ এই শাক খালে লিভাৰ সুস্থ থকাৰ লগতে লিভাৰৰ বিভিন্ন সমস্যা সমাধান কৰিব পাৰে৷ আপুনি যদি কাহ-চৰ্দি আদিত ভুগি আছে, তেনেহ’লে আপোনাক হেলচি শাকে এই সমস্যাৰ পৰা সকাহ দিব পাৰে৷ ইয়াত থকা এণ্টি বেক্টেৰিয়েল উপাদানে কাহ-চৰ্দি নিৰাময় কৰি ভিতৰত থকা কফ উলিয়াই অনাত সহায় কৰে৷ ইয়াৰ উপৰি এই শাকে জ্বৰ নিৰাময়তো সহায় কৰে৷ বহু ক্ষেত্ৰত আমাৰ মুখেৰে গৰম ভাপ বাহিৰ হয় অথবা মুখ অথবা চকুৰ জ্বলা-পোৰা দৰে সমস্যাই দেখা দিয়ে৷ এনে অৱস্থাত এই সমস্যা সমাধান কৰাত হেলচি শাক উপকাৰী৷ এই শাক খালে আমাৰ শৰীৰ ভিতৰৰ পৰা ঠাণ্ডা ৰাখে তথা জ্বলা-পোৰা ভাব নোহোৱা কৰিব পাৰে৷ বহুতৰে ক্ষেত্ৰত দেখা যায় যে বহু সময় ধৰি একে ঠাইতে বহি বা শুই থাকিলে ভৰি অথবা কঁকাল ফুলি যায় আৰু বিষ বেদনা হয়৷ নিয়মিতভাৱে হেলচি শাক খালে এইধৰণৰ সমস্যা নহয়৷ কঁকালৰ বিষ উপশমৰ বাবে এই শাক উপকাৰী৷ আনহাতে ছুগাৰ বা প্ৰেছাৰৰ যিসকলৰ সমস্যা আছে, তেওঁলোকে নিয়মিতভাৱে হেলচি শাক খালে যথেষ্ট উপকাৰ পাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here