Beauty PlusDiet PlusFitness PlusHealth NaturallyHealth Talksলিভাৰৰ সুস্থতাৰ বাবে এৰাই চলক এইবোৰ খাদ্যBy Health Plus - May 5, 2025068Facebook Twitter Pinterest WhatsApp শৰীৰ ভালে ৰাখিবলৈ হ’লে লিভাৰৰ স্বাস্থ্যৰ কথাও মনত ৰখা জৰুৰী৷ আৰু সেই জৰুৰী কামটো কৰাৰ বাবে কিছু খাদ্যাভ্যাস, খাদ্যৰ তালিকাৰ সলনি কৰা দৰকাৰ৷ হৰমনৰ নিঃসৰণৰ পৰা আৰম্ভ কৰি খাদ্য হজম প্ৰক্ৰিয়া আৰু শৰীৰত প্ৰৱেশ কৰা বিষাক্ত দ্ৰব্যৰ শোধন কৰাৰ দৰে গুৰুত্বপূৰ্ণ কামবোৰ লিভাৰে সম্পন্ন কৰে৷ সেয়ে লিভাৰ দুৰ্বল তথা বেয়া হৈ যোৱাৰ অৰ্থ শৰীৰো দুৰ্বল হোৱা৷ লিভাৰৰ দুৰ্বলতাত ৰোগৰ সৈতে যঁুজ কৰাৰ ক্ষমতা শৰীৰে হেৰুৱাই পেলায়৷ সেয়ে শৰীৰ সুস্থ ৰাখিবলৈ হ’লে লিভাৰৰ সুস্থতাৰ কথা ভবাটো অতিকে জৰুৰী৷ সেয়ে লিভাৰৰ স্বাস্থ্য ভালে ৰাখিবলৈ খাদ্য তালিকাৰ পৰা এইসমূহ খাদ্য বাদ দিয়া প্ৰয়োজন, যিবোৰ খাদ্যই লিভাৰ দুৰ্বল তথা অসুস্থ কৰিব পাৰে৷যিকোনো প্ৰক্ৰিয়াজাত খাদ্য, মাংসত ছেচুৰেটেড ফেট, ছ’ডিয়াম আৰু প্ৰিজাৰভেটিভ যথেষ্ট পৰিমাণে থাকে, যিয়ে লিভাৰৰ ক্ষতি কৰিব পাৰে৷ছ’ডাজাতীয় পানীয়, পেকেটজাত ফলৰ ৰস, এলাৰ্জি ড্ৰিংকজাতীয় পানীয়ই ইনছুলিন প্ৰতিৰোধ বঢ়াই দিয়ে৷ যাৰ ফলত শৰীৰলৈ যোৱা শৰ্কৰা ভাঙিব নোৱাৰে৷ ইয়াৰ ফলত ফেটি লিভাৰৰ দৰে সমস্যাৰ সৃষ্টি হয়, যি লিভাৰৰ ক্ষতি কৰে৷অতিৰিক্ত মদ্যপান, এলকহল সেৱনৰ ফলতো ফেটি লিভাৰ, হেপাটাইটিছ তথা ছিৰ’ছিছৰ দৰে মাৰাত্মক সমস্যই দেখা দিব পাৰে৷ছিপছ, ফ্ৰেঞ্চ ফ্ৰাই, মুৰ্গীৰ ভজা মাংস, ডোনেট আদিত উচ্ছ মাত্ৰাত ছেচুৰেটেড ফেট থাকে৷ এইবোৰ খাদ্য সৰহকৈ খালেও লিভাৰৰ সমস্যা হ’ব পাৰে৷ময়দাৰে তৈয়াৰী পাউৰুটী, পাস্তা, অতিৰিক্ত চেনিৰে প্ৰস্তুত যিকোনো খাদ্য, যেনে– পেষ্টি˜, ছুগাৰ কেণ্ডি, মিঠাই আদিয়ে লিভাৰৰ অক্সিডেটিভ ষ্টে˜চ বঢ়াই দিয়ে৷ যাৰ ফলত শৰীৰত ফ্ৰি ৰেডিকেলছ জমা হয়, যিয়ে লিভাৰৰ কোষৰ ক্ষতি কৰিব পাৰে৷ছিপছ, ভুজিয়াৰ দৰে পেকেটজাত খাদ্য, পেকেটজাত ছুপ বা ফাষ্টফুডত ছ’ডিয়াম যথেষ্ট পৰিমাণে থাকে, যিয়ে শৰীৰত পানী ধৰি ৰাখি লিভাৰত চাপৰ সৃষ্টি কৰে৷কৃত্ৰিম ৰং দিয়া খাদ্য লিভাৰৰ কাৰণে অত্যন্ত ক্ষতিকাৰক৷