লিভাৰৰ দৰে হাৰ্টতো ফেট জমা হ’ব পাৰে৷ সেয়ে এইধৰণৰ সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন৷ বৰ্তমান লিভাৰত ফেট হোৱা এটা সাধাৰণ সমস্যা হৈ পৰিছে৷ ঠিক একেদৰে হৃদপিণ্ডতো ফেট জমা হ’ব পাৰে, যিযো ফেটি লিভাৰৰ দৰে গুৰুতৰ৷ যেতিয়া হৃদপিণ্ডৰ আশে-পাশে বেছি চৰ্বি জমা হয়, তেতিয়া ফেটি হাৰ্ট বোলে৷ চিকিৎসা বিজ্ঞানৰ পৰিভাষাত ইয়াক এপিকাৰ্ডিয়াল ফেট একিউমুলেশন বোলে৷ ফেটি হাৰ্টৰ কাৰণে হাৰ্ট এটেক, উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ দৰে মাৰাত্মক সমস্যাই দেখা দিব পাৰে৷ স্থূলতা, জাংক ফুড, কম শাৰীৰিক কাৰ্যকলাপ আৰু মদ্যপান, চিগাৰেটৰ প্ৰতি আসক্তি আদিৰ কাৰণে হৃদপিণ্ডত ফেট জমা হ’ব পাৰে৷ এই সমস্যা হ’লে বুকুত ইয়াৰ অনুভৱ হয়৷ অত্যধিক ভাগৰুৱা, সহজে ক্লান্ত হৈ পৰে, শ্বাসকষ্টৰ সমস্যা, হৃদস্পন্দন বাঢ়ি যোৱা আদি ফেটি হাৰ্টৰ লক্ষণ৷ ইয়াক চিনাক্ত কৰাৰ বাবে ই চি জি, ইকো, এম আৰ আই, চিটি স্কেন, লিপিড প্ৰফাইল টেষ্ট আদি কৰা হয়৷ যদি সময়ত থাকোঁতে এইধৰণৰ সমস্যা হ’লে আওকাণ কৰা হয়, তেনেহ’লেফেটি হাৰ্ট মাৰাত্মক প্ৰাণঘাতী হৈ পৰে৷