আপোনালোকে কেতিয়াবা ভাবি চাইছেনে? বিদ্যালয়ত যেতিয়া আমাক শ্ৰুতলিপি দিয়া হৈছিল, আমাৰ মতে সেই সময়খিনি যথেষ্ট অশান্তিকৰ আৰু কঠিন আছিল৷ কিন্তু আমি হাতেৰে যিখিনি লিখিছিলোঁ, সেইখিনি মুখস্থ নকৰাকৈ চিৰদিন মনত থাকি গৈছিল৷ ইয়াৰ কাৰণ কি হ’ব পাৰে আপুনি কেতিয়াবা জানিবলৈ চেষ্টা কৰিছেনে?
Indiana University-ৰ দ্বাৰা কৰা এক গৱেষণাত যিকোনো কথা মনত ৰাখিবলৈ টাইপ কৰাৰ পৰিৱৰ্তে হাতেৰে লিখাটো উত্তম কাৰ্য হিচাপে বিবেচিত হৈছে৷ আপুনি যদি কিবা এটা হাতেৰে লিখে, চিৰদিনলৈ সেই লিপিবদ্ধ কথাখিনি আপোনাৰ মগজুত ৰৈ যোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷ হাতেৰে লিখিলে তথ্যখিনি বিস্তৃতভাৱে আপোনাৰ মগজুত সংৰক্ষণ হৈ থাকে৷ উদাহৰণস্বৰূপে কোনো অনুষ্ঠান, সভা-সমিতি আদিত দিয়া ভাষণ লিখিবলৈ হ’লে আপুনি বক্তাজনৰ কথাখিনি ভালদৰে শুনিব লাগে, যিহেতু ভাষণ দিয়াৰ সময়ত বক্তাৰ সকলো কথাই মনত ৰখাটো সম্ভৱপৰ নহয়৷ সেইবাবে এই প্ৰক্ৰিয়াত কথাখিনি প্ৰথমে ভালদৰে শুনি লৈ তাৰ সাৰাংশখিনিহে লিখা হয়৷ সাৰাংশখিনি লিখাৰ বাবে গোটেই ভাষণটোৱেই আপোনাৰ স্মৃতিত সজীৱ হৈ ৰয়। ইয়াৰ পৰা এইটোৱে জানিব পৰা যায় যে লিখিলে স্মৃতিশক্তিত বহুলভাৱে প্ৰভাৱ পৰে৷