লকডাউনৰ ইতিবাচক দিশ

0
2322


৫৮ বছৰৰ পাছত দিল্লীত এইবাৰ অক্টোবৰ মাহত আটাইতকৈ বেছি ঠাণ্ডা পৰিল।
কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো সংহাৰৰ সৃষ্টি কৰিছিল আৰু বৰ্তমানেও এই সংহাৰ অব্যাহত আছে৷ যাৰ ফলস্বৰূপে গোটেই বিশ্বতে লকডাউন ঘোষণা কৰিবলৈ বাধ্য হৈছিল৷ ভাৰতবৰ্ষত মাৰ্চ মাহৰ পৰা আগষ্টলৈকে সমগ্ৰ দেশতে লকডাউন বলৱৎ কৰা হৈছিল৷ ইয়াৰ ফলত দেশৰ অৰ্থনীতিকে ধৰি সকলো ক্ষেত্ৰতে বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল৷ লকডাউনে অৱশ্যে যথেষ্ট অসুবিধাৰ সৃষ্টি কৰাৰ লগতে প্ৰকৃতিৰ ওপৰত কিছু ইতিবাচক প্ৰভাৱো পেলাইছে৷ দিল্লীৰ জলবায়ুৰ ক্ষেত্ৰত লকডাইনে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্যৰ পৰা জানিব পৰা গৈছে যে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ৫৮ বছৰৰ পাছত এই বছৰৰ অক্টোবৰ মাহটো আটাইতকৈ বেছি ঠাণ্ডাৰ দিন আছিল৷ এইবাৰ অক্টোবৰ মাহত ন্যূনতম তাপমাত্ৰা আছিল ১৭.২ ডিগ্ৰী চেলছিয়াছ৷ ১৯৬২ চনৰ পৰা এয়াই আটাইতকৈ কম তাপমাত্ৰা৷ ১৯৬২ চনৰ অক্টোবৰত দিল্লীত তাপমাত্ৰা আছিল ১৬.৯ ডিগ্ৰী চেলছিয়াছ৷ সাধাৰণতে অক্টোবৰ মাহত দিল্লীত ন্যূনতম তাপমাত্ৰা ১৯.৬ ডিগ্ৰী চেলছিয়াছ হয়৷ সেয়েহে ক’ব পাৰি, লকডাউনে নেতিবাচক প্ৰভাৱ পেলাইছে– এয়া একেবাৰে সত্য। কিন্তু এই লকডাউনে কিছুমান ইতিবাচক দিশো উন্মোচন কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here