বৃদ্ধ বয়সতো ডেকা কিদৰে হৈ থাকিব? দৰাচলতে বৃদ্ধা অৱস্থা বুলি নহয়, আজিকালি ৩০-৩৫ বছৰৰ পৰাই মানুহৰ বিভিন্ন সমস্যাই দেখা দিয়ে৷ বাতবিষ, ছালৰ সমস্যা, চুলিৰ সমস্যা, চকুৰে কম দেখা ইত্যাদি৷ শুনা মতে আগৰ দিনৰ মানুহবোৰে এশ বছৰপৰ্যন্ত জীয়াই আছিল আৰু অত্যন্ত সু-স্বাস্থ্যৰ গৰাকী আছিল৷ কিয়নো আগৰ দিনৰ মানুহবোৰে যথেষ্ট পৰিশ্ৰম কৰিছিল আৰু সুষম আহাৰ গ্ৰহণ কৰিছিল৷ কিন্তু আজিকালি মানুাহ অতি কম বয়সতে মৃত্যুক আঁকোৱালি লোৱা দেখা যায়৷ সেয়েহে আজি আমি আপোনালোকলৈ লৈ আহিছোঁ ডেকা হৈ থকাৰ কেইটামান টিপ্ছ৷
দিনৰ ভাগত কমেও এশ গ্ৰামকৈ দৈ খাব লাগে৷ ই দেহৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ লগতে ছাল নিমজ কৰা, খাদ্য হজম আৰু আয়ুস বৃদ্ধি কৰাত সহায় কৰে৷
বয়স বেছি হ’লে সাধাৰণতে ছালত বলিৰেখা পৰে৷ ছালখন যাতে সদায় কোমল আৰু মসৃণ হয়, তাৰ বাবে ভিটামিন-চিযুক্ত ফল-মূল যেনে– আমলখি, শিলিখা, কমলা, নেমু আদি যথেষ্ট পৰিমাণে খাব লাগে৷
দৈনিক কমেও তিনি-চাৰি লিটাৰ কুহুমীয়া পানী সেৱন কৰিলে সুফল পোৱা যায়৷
গাৰ বিষ নহ’বৰ কাৰণে কেঁচা নহৰু, কেঁচা হালধি, ভেদাইলতা আদি নিয়মিতকৈ খালে গাৰ বিষ নিৰ্মূল হয়৷
সাধ্যানুসৰি শাৰীৰিক পৰিশ্ৰম কৰিব লাগে৷ কিন্তু যদি আপোনাৰ বয়স অধিক হৈছে, তেন্তে শক্তি অনুসৰি শাৰীৰিক পৰিশ্ৰম কৰিব৷ লগতে পুৱা-গধূলি মুকলি বতাহত খোজকঢ়া, খোলাকৈ হাঁহি মৰা, মন সদায় প্ৰফুল্লিত কৰা কাৰ্যসমূহে বৃদ্ধাৱস্থাৰ বাৰ্ধক্যতা দূৰ কৰে আৰু চিৰযৌৱনা কৰি ৰাখে৷