যৌন মিলনৰ আগতে কি কি কৰা উচিত নহয়

0
145

যৌন মিলনৰ সময়খিনি পৃথিৱীৰ আটাইতকৈ সুখৰ সময় বুলি বিবেচনা কৰা হয়৷ এই বিশেষ সময়খিনিত আপুনি সংগীৰ পৰা একান্তই একাগ্ৰতা তথা সহযোগিতা বিচাৰে৷ পৃথিৱীৰ সকলোতকৈ সুখী মানুহবোৰৰ ভিতৰত আপুনিও এজন বুলি গণ্য কৰে৷ যৌন মিলনৰ সময়ত সকলোৱে আনন্দ পাবলৈ বিচাৰে৷ কিন্তু এই সময়ত আপুনি কিছুমান বিষয় বা কথা মূৰৰ পৰা এৰি নিদিলে যৌন সম্ভোগৰ আনন্দ মাটিত মিহলি হৈ যাব পাৰে৷ সেয়ে নিজৰ সংগীৰ সৈতে যৌন মিলন কৰাৰ সময়ত কিছুমান কথালৈ মন দিয়া অতি প্ৰয়োজন, যাতে আপোনাক অসুখী কৰি তুলিব নোৱাৰে৷ যৌন মিলনৰ সময়ত কোনো সংকোচ তথা সন্দেহ থাকিলে মিলনৰ আগেয়ে সংগীৰ সৈতে মুকলিকৈ আলোচনা কৰি লওক৷ নিজৰ কোনো অসুবিধা, ভয়, সংকোচ থাকিলে লুকঢাক নকৰিব, বিস্তৃতভাৱে কোৱাৰ চেষ্টা কৰক৷
ছেক্স বা যৌন মিলনৰ সকলোৰে অভিজ্ঞতা ভাল নহ’বও পাৰে৷ হয়তো আগৰবাৰ মিলিত হোৱাৰ সময়ত ছেক্সৰ অভিজ্ঞতা সুখকৰ নাথাকিলেও পূৰ্বৰ অভিজ্ঞতাক লৈ ভীত বা আশংকা নকৰি মন বেয়া নকৰিব৷ এয়ে পুনৰবাৰ আপোনাৰ যৌন মিলনত ব্যৰ্থতাৰ কাৰণ হ’ব পাৰে৷
বহুতেই এলাৰ্জি নিৰাময়ৰ বাবে এণ্টিহিষ্টামিন ঔষধ গ্ৰহণ কৰে৷ কিন্তু এই ঔষধ ব্যৱহাৰৰ ফলত যৌনাংগ শুষ্ক হ’ব পাৰে৷ এই বিষয়লৈও মন দিয়া উচিত৷
যৌন মিলনৰ আগে আগে মদ্যপান বা মাদকদ্ৰব্য সেৱন কৰা উচিত নহয়৷ মনত ৰাখিব অতিৰিক্ত মদ্যপানে আপোনাৰ যৌন মিলনত ব্যাঘাত জন্মাই অশান্তিৰহে সৃষ্টি কৰিব৷
আপু্‌নি যৌন মিলনৰ সময়ত কিধৰণৰ কণ্ডম ব্যৱহাৰ কৰিব সেয়া সংগীজনৰ লগত আলোচনা কৰি লোৱা ভাল৷
পৰিষ্কাৰ-পৰিচ্ছন্নতা হৈছে যৌন মিলনৰ অন্যতম চাবিকাঠী৷ সেয়ে ছেক্স কৰাৰ সময়ত সদায় পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ চেষ্টা কৰক৷
যৌন মিলন সময়ত ভুলতো পুৰণি সংগীৰ নাম উচ্ছাৰণ নকৰিব৷ ইয়াৰ ফলত আপোনাৰ যৌনকাৰ্যত ব্যাঘাত জন্মাৰ লগতে সম্পৰ্কতো ফাট মেলিবলৈ ধৰিব৷
মনত ৰাখিব যৌন মিলন খুব স্পৰ্শকাতৰ বিষয়৷ সেয়ে যৌন মিলনৰ সময়ত এনে কোনো প্ৰসংগৰ অৱতাৰণা নকৰিব, যিয়ে এই মধুৰতম সময়খিনি তিতা কৰাৰ লগতে পাছলৈ সম্পৰ্কটোতো ভাঙোন আনিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here