যোৱা দুটা বছৰত ভাৰততউদ্বেগজনকভাৱে নিবনুৱাৰ হাৰ বৃদ্ধি

0
446


ভাৰতত যোৱা দুটা বছৰৰ ভিতৰত সৰ্বোচ্চ হৈছে নিবনুৱাৰ হাৰ৷ এই সময়ছোৱাত ভাৰতত নিবনুৱাৰ হাৰ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি লিমিটেড বা চি এম আই ই নামৰ এটা বেচৰকাৰী গৱেষণা প্ৰতিষ্ঠানে প্ৰকাশ কৰা তথ্য মতে যোৱা মাহত দেশখনত নিবনুৱাৰ হাৰ ১০.০৫ শতাংশলৈ বৃদ্ধি পায়৷ যোৱা ছেপ্টেম্বৰ মাহত এই হাৰ আছিল ৭.০৯ শতাংশ৷ অক্টোবৰ মাহত নিবনুৱাৰ হাৰ বৃদ্ধি ২০২১ চনৰ মে’ মাহৰ পাছত সৰ্বোচ্চ৷ আনহাতে গ্ৰামাঞ্চলত নিবনুৱৰ হাৰ ৬.২ শতাংশৰ পৰা ১০.৮২ শতাংশলৈ বাঢ়ে৷ শেহতীয়া চৰকাৰৰ বাৰ্ষিক প্ৰতিবেদন মতে ২০২২-২৩ চনত দেশখনত নিবনুৱাৰ হাৰ আছিল ৩.২ শতাংশ৷ কিন্তু শ্ৰমিকৰ বজাৰখনত উন্নত মূল্যায়নৰ বাবে অৰ্থনীতিবিদসকলে চি এম আই ইৰ তথ্যৰ ওপৰতেহে নিৰ্ভৰ কৰে৷ প্ৰতিমাহে এক লাখ ৭০ হাজাৰ পৰিয়ালত জৰীপ চলাই চি এম আই ইৰ প্ৰতিবেদন প্ৰকাশ কৰা হয়৷ সেয়ে ইয়াৰ সত্যতা আছে বুলি বিশ্বাস কৰা হয়৷ দেশত এনেদৰে নিবনুৱাৰ সংখ্যা বৃদ্ধি বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে৷ দেশৰ কৰ্মসংস্থানৰ অভাৱত এইদৰে শিক্ষিতচামে কোনো সংস্থাপন নাপাই নিবনুৱাৰ শাৰীত থিয় হ’ব লগাটো দেশৰ বাবে ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে৷ চৰকাৰে ইয়াৰ উচিত পদক্ষেপ নল’লে এটা সময় আহিব যি নিয়ন্ত্ৰণৰ বাহিৰত হ’বগৈ৷ ইয়াৰ বিকল্প হিচাপে চৰকাৰৰ ব্যৱস্থা গ্ৰহণৰ আহবান জনাইছে দেশৰ নাগৰিকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here