যোগাসনৰ সময়ত এই ভুলবোৰ এৰাই চলক

0
43

বয়স বঢ়াৰ লগে লগে ক’ব নোৱৰাকৈয়ে শৰীৰলৈ বিভিন্ন ৰোগ-ব্যাধিৰ আগমন ঘটে৷ কঁকালৰ বিষ, ভৰিৰ বিষ, হজমৰ সমস্যা, অনিদ্ৰাৰ সমস্যা আদি সকলোখিনিয়ে আগুৰি ধৰে৷ বয়স বৃদ্ধিৰ প্ৰকোপৰ পৰা বাহিৰ ওলাই আহিবলৈ কাৰো সাধ্য নাই৷ কিন্তু বয়স বঢ়াৰ লগে লগে শৰীৰকৈ আগমন ঘটা এই উপসৰ্গবোৰক নিয়ন্ত্ৰণত ৰাখিবলৈ যোগাসনৰ আন বিকল্প নাই৷ যিমানেই বসয় নাবাঢ়ক লাগিলে শৰীৰৰ সুস্থতা তথা কৰ্মদক্ষতা কৰি ৰাখিবলৈ নিয়মিতভাৱে যোগৰ অনুশীলন কৰিলে বাৰ্ধক্যকো ৰোধ কৰিব পৰা যায়৷ কিন্তু এইখিনিতে মনত ৰখা ভাল যে যোগাসনৰ সঠিক নিয়ম তথা পদ্ধতি অনুশীলন কৰিহে যোগাসন কৰাৰ অভ্যাস কৰক৷ বিপৰীতে বিপদ হ’ব পাৰে নিশ্চিত ৰূপত৷ সেয়ে যোগাসনৰ সময়ত সঠিক নিয়ম মানি কৰিলে যথেষ্ট সুফল পাব পাৰি৷
ব্যায়াম কৰাৰ দুইৰ পৰা তিনি ঘণ্টা আগতে একো খাদ্য গ্ৰহণ নকিৰিব৷ খোৱা খাদ্য সঠিকভাৱে হজম হোৱাৰ পাছতহে যোগাসন কৰক৷ নহ’লে অলপতে ক্নান্তি ভাব আহিব পাৰে৷ মনত ৰাখিব খালী পেটেৰে যোগ কৰিলে সুফল পাব বেছি৷ আনহাতে এই সময়খিনিত দুৰ্বল অনুভৱ কৰিলে কুহুমীয়া পানীত মৌ মিহলাই সেৱন কৰিব পাৰে৷
বিশেষজ্ঞৰ পৰামৰ্শ মতে শৰীৰৰ কোনো সৰু আঘাচ পালেও জটিল আসন কৰাৰ পৰা বিৰত থাকক৷ নহ’লে হিতে বিপৰীতহে হোৱাৰ সম্ভাৱনা থাকে৷ এই ক্ষেত্ৰত পেশীৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন৷
যোগাসনৰ সময়ত খুব বেছি আটি ধৰা বা টান হোৱা পোছাক নিপিন্ধাই উত্তম৷
মনত ৰাখিব যোগচৰ্চাৰ সময়খিনিত বেছি খৰধৰ বা খৰতকীয়া নকৰিব৷ অতিৰিক্ত ক্লান্তি বোধ কৰিলে নাইবা গোটেই দিনটো কঠোৰ পৰিশ্ৰম কৰাৰ পাছত যোগাসন কৰা উচিত নহয়৷ দিনৰ আৰম্ভণি অৰ্থাৎ পুৱাৰ সময়খিনিত যোগাসন কৰাটো সকলোতকৈ ভাল৷
যোগাসন কৰাৰ আৰম্ভণিতে আৰু শেষত এই মনোযোগ ধ্যান কৰিবলৈ কেতিয়াও পাহৰি নাযায়৷
যোগব্যায়ামৰ সময়ত সম্পূৰ্ণ মনোযোগ আসন আৰু প্ৰাণায়ামৰ ওপৰত গুৰুত্ব দিয়াৰ আৱশ্যক৷ এই সময়খিনিত মোবাইল, টিভি বা আন কোনো গেজেট ব্যৱহাৰ কৰা একেবাৰেই উচিত নহয়৷ কিছু কিছু ক্ষেত্ৰত কোনোধৰণৰ গান শুনিও যোগাভ্যাস কৰা উচিত নহয় বুলি বিশেষজ্ঞই ব্যক্ত কৰিছে৷
যোগাসন কৰিলেই বহুতেই আকৌ গা ধুই লয়৷ এই ভুল কেতিয়াও নকৰিব৷ যোগাসনৰ কৰা পাছত অন্ততঃ আধা ঘণটা সময়ত জিৰণি লৈহে গা ধোৱা উচিত৷ আনহাতে এই সময়ত একো খাদ্য কিম্বা পানীয় সেৱন কৰা একেবাৰে অনুচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here