যোগাসনৰ দ্বাৰা নিৰ্মূল কৰক ‘কিলাৰ’ ডায়েবেটিছ

0
22

এতিয়া কোনো বয়স মানি নচলে ডায়েবেটিছে৷ সৰু ল’ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি বুঢ়ালৈকে সকলোৱে এই অসহনীয় ৰোগবিধত ভুগিছে৷ ডায়েবেটিছত আক্ৰান্ত হোৱাৰ পাছত সেইজন লোকে সকলো ফালৰ পৰাই সমস্যাত ভোগে, বিশেষকৈ মানসিক অশান্তিয়ে অনৱৰতে লগ নেৰা হয়৷ এবাৰ ডায়েবেটিছৰ চিকাৰ হ’লে এই ৰোগ নিৰ্মূল কৰাটো অসম্ভৱ হৈ পৰে৷ মৃত্যুপৰ্যন্ত এই ৰোগে মানুহজনৰ লগত সহাবস্থান গ্ৰহণ কৰে৷ এই ৰোগ ইমানেই ভয়াৱহ যে আপোনাক ভিতৰি ভিতৰি দুৰ্বল কৰে শৰীৰৰ অৱস্থা শেষ কৰি পেলায়৷ ছুপাৰ কিলাৰ খ্যাত এই ৰোগ সম্প্ৰতি সমগ্ৰ বিশ্বতে ভয়াৱহভাৱে বিস্তাৰ লাভ কৰিছে৷ অৱশ্যে এই ৰোগ হোৱাৰ মূল দায়ী কিন্তু আমিয়েই৷ অপৰিপাটী জীৱনশৈলী, খাদ্যাভ্যাসৰ পৰিৱৰ্তন, শাৰীৰিক কষ্ট নকৰা এটা আৰামপ্ৰিয় জীৱন যাপন, জাংক ফাষ্টফুড গ্ৰহণ আদি বিভিন্ন কাৰকে নিৰ্ভৰ কৰে এই ৰোগৰ বিস্তৃতি৷ সেয়ে সু্‌স্থ সবল থাকিবলৈ হ’লে শৰীৰত ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ ৰখা জৰুৰী আৰু ইয়াৰ বাবে উপযুক্ত ব্যৱস্থা হ’ল যোগাসন৷ যোগাসনে আপোনাৰ দেহত ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখি ডায়েবেটিছৰ পৰা বচাব পাৰে৷ সেয়ে ডায়েবেটিছ নিয়ন্ত্ৰণ তথা নিৰ্মূল কৰিবলৈ তদাসন কৰাৰ অভ্যাস কৰক৷ এই আসনে আপোনাক ডায়েবেটিছ মুক্ত জীৱন দিব পাৰে৷
কিদৰে কৰিব তদাসন ঃ- এই আসন কৰিবলৈ মুকলি ঠাই বাছি লওক৷ এতিয়া মাটিত থিয় হৈ প্ৰথমে হাত দুখন প্ৰণাম ভংগীত ৰাখক. এতিয়া হাদ দুখন ওপৰলৈ দাঙি নি যিমানদূৰ সম্ভৱ ওপৰলৈ নিয়াৰ চেষ্টা কৰক৷ হাতৰ সমান্তৰালকৈ শৰীৰ সকে্‌লা অংগই ওপৰলৈ দঙাৰ দৰে কৰক৷ শ্বাস-প্ৰশ্বাস স্বাভাৱিকভাৱে লওক৷ ভৰি দুখন আঙুলিত ভৰ দি আপু্‌নি ওপৰলৈ উঠাৰ চেষ্টা কৰিব৷ এইদৰে কিছু সময় ৰৈ পাছত আগৰ অৱস্থালৈ ঘূৰি আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here