কামৰ তাগিদাত খৰধৰকৈ ৰাস্তাত খোজকাঢ়িলে হঠাতে উজুটি খাই পৰি অঘটন হোৱা দেখা যায়৷ এই ক্ষেত্ৰত বয়সিয়ালসকলৰ সমস্যা আৰু বেছি হয়৷ মূৰ ঘূৰোৱা, উফৰি খাই বাথৰূম, ঘৰৰ মজিয়াত পৰি পাছত গুৰুতৰ সমস্যাৰ সৃষ্টি হয়৷ খোজকাঢ়িলে উবুৰি খাই পৰা, শুকান মাটিতে আচাৰ খাই আগলৈ বাগৰি যোৱা, ভৰিৰ জোঁট লাগি পৰি গৈ ভৰি মোচোকা খোৱা আদি ঘটনা প্ৰায়ে ঘটি থাকে৷ ইয়াৰ কাৰণে বডী বেলেন্স সঠিক ৰখাৰ কথা বিশেষজ্ঞই সদৰী কৰে৷ ইয়াৰ বাবে কোনো জটিল ব্যায়াম বা যোগাসনৰ প্ৰয়োজন নাই৷ মাত্ৰ ৩০ ছেকেণ্ডতে এটা সৰু কামৰ প্ৰয়োজন৷ বডী বেলেন্স বা শৰীৰৰ ভাৰসাম্য বজাই ৰখা খুবেই জৰুৰী বিষয়৷ বহুতৰে বেলেন্সিঙৰ সমস্যা থাকে৷ মূলতঃ দৈহিক অসুস্থতাৰ পৰা এই সমস্যা দেখা যায়৷ বয়সজনিত বা শৰীৰৰ ওজন বৃদ্ধিৰ বাবেও বেলেন্সিঙৰ সমস্যা হ’ব পাৰে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্যত কোৱা হৈছে– বিশ্বজুৰি ছয় লাখ ৮৪ হাজাৰৰ বেছি মানুহৰ ই মৃত্যুৰ কাৰণ হ’ব পাৰে৷ সেয়ে শৰীৰৰ ভাৰসাম্য ধৰি ৰখা জৰুৰী৷ ইয়াৰ বাবে বেলেন্স টেষ্ট শিকাটো আৱশ্যক৷ টেনডেম ষ্টাম মানে হ’ল এখন ভৰি আনখন ভৰিৰ ঠিক সন্মুখতে ৰাখক৷ ধৰক, খোজকঢ়াৰ ভংগীত বাওঁভৰি আগত ৰাখি সোঁভৰিৰ আঙুলিবোৰ বাওঁভৰিৰ গোৰোহাত সম্পূৰ্ণ স্পৰ্শ কৰি বেলেন্সত ৰাখিব৷ এই সময়ত হাত দুখন দুয়োফালে মেলি বা খোজকঢ়াৰ দৰে ৰাখিব পাৰে৷ এইদৰে ৩০ ছেকেণ্ড নিৰ্ভুলভাৱে কৰিব৷ এই অভ্যাসে শৰীৰৰ হেৰাই যোৱা ভাৰসাম্য ঘূৰাই আনে৷