যুৱ প্ৰজন্মৰ ৯৩ শতাংশই ভুগিছে ইণ্টাৰনেট আসক্তিত

0
72

মোবাইল, ইণ্টাৰনেট কৰি ঔষধ কিনা, টকা-পইচাৰ লেনদেন, খাদ্যবস্তু, কাপোৰ, কিতাপ ক্ৰয় কৰা আদি সকলোবোৰ কামেই ঘৰতে বহিয়েই কৰিব পৰা হৈছে৷ অৱশ্যে মোবাইল, ইণ্টাৰনেটৰ প্ৰায়ভাগ লোকেই বহু সময় ব্যয় কৰা পৰিলক্ষিত হৈছে৷ বৰ্তমান সময়ত সামাজিক মাধ্যমত প্ৰতিগৰাকী লোকেই অধিক সময় অতিবাহিত কৰা দেখা যায়৷ অৰ্থাৎ সামাজিক মাধ্যম ব্যৱহাৰে এক এৰাব নোৱৰা নিচাৰ দৰে হৈ পৰিছে৷ বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত সামাজিক মাধ্যম হৈ পৰিছে অধিক জনপ্ৰিয়৷ প্ৰায়ভাগ কিশোৰ-কিশোৰীয়ে দিনটোৰ সৰহভাগ সময়ত সামাজিক মাধ্যম, মোবাইল, ইণ্টাৰনেটৰ জড়িত থাকি ভাল পোৱা হৈছে, অৰ্থাৎ একধৰণৰ নিচালৈ পৰিৱৰ্তন হৈছে তেওঁলোকৰ মাজত৷ বিশ্বৰ লগতে ভাৰতৰো যুৱ প্ৰজন্মৰ মাজত দ্ৰুতগতিত সামাজিক মাধ্যম সোমাই পৰিছে৷ দিনটোৰ সৰহ সময়ত এইদৰে মোবাইলত ব্যস্ত থকাৰ ফলত তেওঁলোক ক’ব নোৱৰাকৈয়ে ভীষণ ক্ষতিৰ সন্মুখীন হৈছে৷ শেহতীয়াভাৱে কৰা এক সমীক্ষা অনুসৰি ডিজিটেল মাধ্যম মোবাইল, লেপটপৰ সৈতে ভাৰতৰ ৯৩ শতাংশ যুৱক-যুৱতী সক্ৰিয়ভাৱে জড়িত হৈ পৰিছে৷ আনহাতে এই গৱেষণাত পোহৰলৈ আহিছে যে ভাৰতৰ যুৱক-যুৱতীয়ে প্ৰতিদিনে গড়ে আঠ ঘণ্টা পৰ্যন্ত সামাজিক মাধ্যম ব্যৱহাৰ কৰে৷ উল্লিখিত তথ্য মতে ভাৰতীয় যুৱ প্ৰজন্মৰ মাজত প্ৰথম পচন্দ হ’ল ইউটিউব৷ ইয়াৰ লগতে সমীক্ষা মতে ভাৰতীয় যুৱকৰ তুলনাত যুৱতীয়ে সামাজিক মাধ্যমৰ প্লেটফৰ্ম বেছিকৈ ব্যৱহাৰ কৰে৷ গ্ল’বেল ডিজিটেল নামৰ সংস্থা এটাই চলোৱা এই সমীক্ষাই কিন্তু উঠি অহা প্ৰজন্মৰ ক্ষেত্ৰত ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে৷ এটা কথা স্পষ্ট হৈ পৰিছে যে দৈনিক একেবাৰে আঠ ঘণ্টা সময়ত মোবাইলত ব্যস্ত থকাটো শুভ লক্ষণ নহয়৷ ইয়াৰ ফলত শাৰীৰিক তথা মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত কিমান ভয়াৱহ হ’ব পাৰে, সেয়া সহজে অনুমেয়৷ এই সমস্যা ৰোধ ব্যৱস্থা গ্ৰহণ নকৰিলে ইণ্টাৰনেট আসক্তিয়ে অদূৰ ভৱিষ্যতে ড্ৰাগছতকৈ ভয়াৱহ ব্যাধিৰূপে দেখা দিয়াটো খাটাং৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here