মৌ আৰু লং একেলগে খোৱাটো উপকাৰীনে ?

0
81

য’ত নেকি লঙক খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা হয়, ঠিক তেনেকৈ মৌও সোৱাদৰ ক্ষেত্ৰত কোনোগুণে কম নহয়৷ এণ্টিবেক্টিৰিয়েল, এণ্টিভাইৰেল আৰু এণ্টিফাংগেল গুণবিশিষ্ট হোৱা হেতুকে মৌ আৰু লঙক প্ৰাচীন কালৰে পৰা বিভিন্ন বেমাৰত ব্যৱহাৰ কৰি অহা হৈছে৷ গতিকে এই ক্ষেত্ৰত ভাবি চাওক, দুইবিধ খাদ্যবস্তুকে যদি একেলগে সেৱন কৰা হয়, তেন্তে ই শৰীৰৰ কাৰণে কিমান উপকাৰী হ’ব পাৰে৷ সেয়েহে আজি আমি মৌ আৰু লং একেলগে খালে কি উপকাৰ হয়, তাক জনাব বিচাৰিছোঁ৷
বতৰৰ পৰিৱৰ্তন হ’লে গলৰ বিষ, কাহ, গলৰ খিচখিচনি হোৱাটো স্বাভাৱিক৷ এনেকুৱা হ’লে অলপ সময়ৰ বাবে এচামুচ মৌ, দুই-তিনিটা লং তিয়াই থৈ দিয়ক৷ তাৰ পাছত লংটো উলিয়াই চামুচত থকা মৌখিনি এগিলাচ কুহুমীয়া পানীৰ সৈতে সেৱন কৰক৷ এনে কৰিলে গলৰ বিষৰ পৰা উপশম পাব পাৰে৷
মৌত ভিজোৱা লং খালে মেটাবলিজম বৃদ্ধি হয়৷ যাৰ দ্বাৰা ওজন নিয়ন্ত্ৰণত সহায়ক হয়৷
বমিৰ সমস্যা থাকিলে লঙৰ গুৰিত লগত মৌ মিহলাই খালে সুফল পাব পাৰি৷
দৈনিক মৌৰ লগত লং খালে পেটৰ পাচন প্ৰক্ৰিয়া সুস্থ হৈ থাকে৷
ফাংগেল ইনফেক্‌শ্যন দূৰ কৰাত মৌ আৰু লঙে সহায় কৰে৷ ইয়াৰ বাবে কেইটামান তুলসীৰ পাত পিচি লৈ তাত লঙৰ গুৰি আৰু মৌ মিহলাই খাব লাগে৷
এচামুচ মৌ, লঙৰ গুৰি আৰু নেমুৰ ৰসেৰে তৈয়াৰ কৰা মিশ্ৰণ বিশ মিনিটমান মুখত লগাই ঠাণ্ডা পানীৰে ধুই দিব লাগে৷ ইয়াৰ থকা এণ্টিমাইক্ৰ’বিয়েল আৰু এণ্টিইনফ্লেমেটৰি গুণে ছালখনক হাইড্ৰেট কৰাৰ লগতে মসৃণ কৰি তোলে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here