মোবাইলৰ স্ক্ৰিনগাৰ্ডলগোৱাটো কিয় প্ৰয়োজনীয়

0
429


আজিকালি সকলোৱে স্মাৰ্টফোনহে ব্যৱহাৰ কৰে৷ এই স্মাৰ্টফোনবোৰ অতি ব্যয়বহুল হয়৷ সেয়ে এবাৰ কিনাৰ পাছত ইয়াক নিৰাপদে ৰখাৰ এটা দায়িত্ব থাকে৷ বিশেষতঃ স্মাৰ্টফোনৰ স্ক্ৰিন খুব সংবেদনশীল হয়৷ ইয়াক সুৰক্ষিত কৰি ৰখাৰ বাবে বহুতেই ফোনটোত এখন স্ক্ৰিনগাৰ্ড লগাই ৰাখে৷ অৱশ্যে বৰ্তমান আধুনিক স্মাৰ্টফোনবোৰত বাহিৰৰ পৰা স্ক্ৰিনগাৰ্ড লগোৱাৰ প্ৰয়োজন নাথাকে৷ আনহাতে যিকোনো স্মাৰ্টফোনৰ স্ক্ৰিনগাৰ্ড সলনি কৰা বেছ ব্যয়বহুল হয়৷ সেয়ে সকলোৱে বিচাৰে যে ফোনটোৰ যাতে কোনোধৰণৰ ক্ষতিগ্ৰস্ত নহয়৷ আগতে প্ৰায়বোৰ মোবাইলতে স্ক্ৰিনগাৰ্ড লগোৱাটো বাধ্যতামূলক আছিল আৰু এই প্ৰৱণতা বহুতৰ মাজতে আছিল৷ আজিকালি কিন্তু অত্যাধুনিক স্মাৰ্টফোনৰ স্ক্ৰিনগাৰ্ডত মজবুত কাচ ব্যৱহাৰ কৰা হয়৷ এণ্ড্ৰয়ড ফোনত গৰিলা গ্লাছ আৰু আইফোনত ছেৰামিক গ্লাছ ব্যৱহাৰ কৰা হয়৷ একমাত্ৰ কোনো খনিজ পদাৰ্থৰ সহায়ত এই কাচেৰে তৈয়াৰ কৰা হয়৷ কাৰোবাৰ পকেটত যদি গাড়ী, ঘৰ আদিৰ চাবিৰ সৈতে মোবাইল ফোন থাকে৷ তেন্তে স্ক্ৰিনত কোনো দাগ নপৰে৷ স্ক্ৰিন প্ৰটেক্টৰ লগালে কিছু অসুবিধাও নোহোৱা নহয়৷ ইয়াক লগালে ডিছপ্লে স্পৰ্শ কৰাৰ অনুভূতি নিজেই সলনি হয়৷ স্ক্ৰিন গাৰ্ড লগাবলৈ হ’ল ডিছপ্লেও বদলি যায়৷ সঁচাকৈ যদি মোবাইলৰ স্ক্ৰিন ৰক্ষা কৰাৰ প্ৰয়োজন হয়, তেনেহ’লে এণ্টি গ্লেয়াৰ ব্যৱহাৰ কৰিব পাৰি৷ যিসকলে সমুদ্ৰ ভ্ৰমণ, হাইকিং কৰাৰ পচন্দ কৰে অথবা কোনো নিৰ্মাণ কাৰ সৈতে জড়িত, তেনেহ’লে মোবাইল স্ক্ৰিনখনৰ সুৰক্ষাৰ কথা চিন্তা কৰা আৱশ্যক৷ এই ক্ষেত্ৰত স্ক্ৰিনগাৰ্ড লগোৱা উচিত৷ অৰ্থাৎ প্ৰয়োজনৰ ওপৰত নিৰ্ভৰ কৰি স্ক্ৰিনগাৰ্ড লগোৱা দৰকাৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here