মোবাইলৰ বেটাৰী দীৰ্ঘস্থায়ীৰাখিবলৈ চাৰ্জ দিয়াৰ পদ্ধতি

0
1064


বৰ্তমান জীৱনশৈলীত মোবাইল ফোনটো এটা এৰাব নোৱৰা সামগ্ৰীত পৰিণত হৈছে৷ মোবাইল ফোনৰ ব্যৱহাৰ অপ্ৰত্যাশিতভাৱে বাঢ়িছে৷ দৈনন্দিন সকলো কামটো মোবাইল ব্যৱহাৰ সৰ্বাধিক৷ এতিয়া যিকোনো কাম মোবাইলটো হাতত থাকিলেহে কৰাটো সম্ভৱ৷ সেয়েহে ব্যৱহাৰ অনুযায়ী মোবাইলটো সঘনাই চাৰ্জিং দিয়াটোও প্ৰয়োজনীয়৷ চাৰ্জ অবিহনে মোবাইলটো হঠাতে বন্ধ হৈ যাব পাৰে৷ মোবাইলটো সকলো সময়তে খোলা থাকিবলৈ নিয়মিতভাৱে চাৰ্জ কৰা প্ৰয়োজন হয়৷ মোবাইলটো চাৰ্জ দিয়াৰ সময়ত কৰা কিছুমান ভুলৰ বাবে কেতিয়াবা সাংঘাতিক বিপদৰ সন্মুখীন হ’বলগীয়া হয়৷ আনকি কেতিয়াবা মোবাইল বিস্ফোৰণৰ দৰে দুৰ্ঘটনাও হ’ব পাৰে৷ সেয়েহে মোবাইলটো দীৰ্ঘস্থায়ী কৰিবলৈ আৰু এনেধৰণৰ বিপদৰ পৰা ৰক্ষা পৰিবলৈ চাৰ্জ দিয়াৰ সময়ত কিছুমান কথালৈ মন দিব লাগে৷
মোবাইল চাৰ্জ কৰাৰ সময়ত হেণ্ডছেটৰ সৈতে অহা চাৰ্জাৰটোৰেহে চাৰ্জ কৰিব৷ যদি কেতিয়াবা নতুন চাৰ্জাৰ কিনাৰ প্ৰয়োজন হয়৷ তেনেহ’লে সুপৰিচিত কোম্পানীয়ে বনোৱা চাৰ্জাৰ ব্যৱহাৰ কৰক৷ টকাৰ সঞ্চয়ৰ বাবে কেতিয়াও সুলভ মূল্যত বজাৰ পোৱা নামহীন কোম্পানীৰ চাৰ্জাৰ কিনা উচিত নহয়৷
এনে চাৰ্জাৰ ব্যৱহাৰ কৰা উচিত হয়, যি পিন বা কানেক্টৰ ছিঙি গৈছে বা নষ্ট হৈ গৈছে৷ কাৰণ এনে চাৰ্জাৰৰ পৰা বিদু্যৎ লিকেজ হোৱা সম্ভাৱনা থাকে৷ এনে পৰিস্থিতিত ইয়াৰ পৰা জুই নিৰ্গত হৈ ভয়াৱহ বিপদ ঘটাব পাৰে৷ সেয়ে চাৰ্জ দিয়াৰ আগতে ভালদৰে চাৰ্জাৰটো পৰীক্ষা কৰা ভাল৷
এটা কথা সকলোৱে লক্ষ্য কৰিছে যে চাৰ্জ কৰি থকাৰ সময়ত মোবাইলটো গৰম হৈ যায়৷ এই অৱস্থাত যদি কোনোবাই ফোনটো ঢাকি ৰাখে বা চাৰ্জ দি থকাৰ সময়ত ফোনত কথা পাতি থাকে, তেন্তে মোবাইলটোৰ উত্তাপ দুগুণে বাঢ়ি যাব৷ যাৰ ফলত মোবাইল বিস্ফোৰণৰ দৰে দুৰ্ঘটনা হৈ মৃত্যুপৰ্যন্ত হোৱাৰ সম্ভাৱনা থাকে৷ সেয়ে মোবাইল চাৰ্জ দিয়াৰ সময়ত ফোনত কথা পতাৰ পৰা বিৰত থাকক৷
আনহাতে বহুতেই শোৱাৰ সময়ত নিজৰ লগতে ফোনটো ৰাখে৷ এই মাৰাত্মক ভুল কেতিয়াও কৰিব নালাগে৷ কাৰণ ইয়াৰ পৰা নিৰ্গত ৰশ্মিয়ে আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে৷ এই অভ্যাস থাকিলে অনতিবিলম্বে নাইকিয়া কৰক৷
সাধাৰণতে স্মাৰ্টফোনবোৰত লিথিয়াম বেটাৰী থাকে৷ যি সম্পূৰ্ণ চাৰ্জ হৈ গ’লে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ যায়৷ কিন্তু অতিৰিক্ত চাৰ্জিঙে বেটাৰীৰ স্থায়িত্বত প্ৰভাৱ পেলায়৷ গোটেই ৰাতি মোবাইলটো চাৰ্জত বহুৱাই থ’লে বেটাৰীৰ কাৰ্যক্ষমতা হ্ৰাস পোৱাৰ লগতে মোবাইলটোৰো স্থায়িত্ব কমি আহে৷
বেটাৰীৰ ২০ শতাংশ চাৰ্জৰ তলত নামি নগ’লে আৰু চাৰ্জ কৰাৰ প্ৰয়োজন নাই৷ ঘনে ঘনে অহেতুক চাৰ্জ কৰিবলৈ প্লাগ ইন কৰা সঠিক নহয়৷ সঘনাই ফোন চাৰ্জ কৰিলে বেটাৰীৰ কাৰ্যক্ষমতা নষ্ট হৈ যায়৷ আনহাতে বেটাৰী সম্পূৰ্ণ নিঃশোষিত হোৱাপৰ্যন্ত অপেক্ষা কৰাৰো দৰকাৰ নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here