মেৰুদণ্ডৰ ছিষ্টেমৰ তাৰুণ্য বজাই ৰাখিবলৈ এই আসন

0
70

শৰীৰচৰ্চাই হৈছে দেহ-মন উন্নত কৰাৰ সহজ উপায়৷ যোগ তথা প্ৰাণায়ামে আমাক সতেজ কৰি ৰাখে৷ দিনটোৰ কাম-কাজ কৰিবলৈ কৰ্মক্ষম তথা কামত মন বহুৱাবলৈ নিয়মিত যোগ চৰ্চা কৰাটো একান্তই কৰ্তব্য৷ নিয়মিতভাৱে পুৱাৰ ভাগত অলপ সময় উলিয়াই বিভিন্ন আসন তথা ব্যায়াম কৰিলে আপোনাক কোনো ৰোগে সহজে আক্ৰমণ কৰিব নোৱাৰে৷ আনহাতে মানসিকভাৱে শক্তিশালী হ’বলৈ যোগাসন কৰাটো অতি জৰুৰী৷ অৱশ্যে আসন তথা যোগৰ প্ৰকাৰ ভেদে ইয়াৰ ফলাফল সুকীয়া৷ সকলো যোগৰ নিজা নিজা ফলাফল পোৱা যায়৷ আনহাতে শৰীৰৰ মেৰুদণ্ড হৈছে মুখ্য অংগ৷ মেৰুদণ্ড সুস্থ তথা সবল কৰি ৰখা আমাৰ সকলোৰে প্ৰধান উদ্দেশ্য হোৱা উচিত৷ সেয়ে মেৰুদণ্ড সুস্থ-সবল তথা ইয়াৰ কাৰ্যকাৰিতা নিয়াৰিকৈ ৰাখিবলৈ দৈনিক হালাসন কৰা উচিত৷ হালাসনে মেৰুদণ্ডৰ ডিস্ক খুলি দিয়ে তথামেৰুদণ্ডৰ পেশীবোৰক প্ৰসাৰিত কৰাৰ লগতে মেৰুদণ্ডৰ ছিষ্টেমৰ তাৰুণ্য বজাই ৰখাত সহায় কৰে৷ আনহাতে স্থূলতাৰ সমস্যা সমাধান কৰাত এই আসন অন্যতম৷ ইয়াৰ লগতে শৰীৰৰ অভ্যন্তৰীণ অংগবোৰক পুনৰুজ্জীৱিত কৰা তথা বদহজম আৰু কোষ্ঠকাঠিন্যত আদিৰ দৰে সমস্যা সমাধানৰ বাবে এই হালাসন অতি উত্তম আসন হিচাপে জনা যায়৷ হাড় তথা আথ্ৰাইটিছ শক্ত হোৱাত এই আসনে সহায় কৰে৷
জানো আহক কিদৰে কৰিব এই আসন :- এই আসন কৰিবলৈ প্ৰথমে মানুহজন ওপৰমুৱা হৈ শুই লওক৷ তাৰ পাছত হাতেৰে ধৰি লৈ ভৰি দুখন লাহে লাহে দাঙি মূৰৰ ওপৰৰ ফালে ক্ৰমে হলাই নিবলৈ চেষ্টা কৰক৷ এইদৰে ভৰি দুখন হলাই নি এটা সময়ত মাটি স্পৰ্শ কৰক৷ এনে অৱস্থাত আপোনাৰ হাত দুখন পিঠিৰ ফালে অথ:্াৎ ভৰিৰ বিপৰীত দিশে পোন কৰি মেলি ধৰক৷ অৰ্থাৎ এই আসন কৰিলে আপোনাৰ হাত আৰু ভৰি সম্পূৰ্ণ বিপৰীত দিশে অৱস্থান কৰে যেন৷ এইদৰে কিছু সময় থকাৰ পাছত পুনৰ আগৰ অৱস্থানলৈ উভতি আহক৷ এইদৰে চাৰিবাৰমান কৰাৰ চেষ্টা কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here