মেচকা টেঙাৰ পাতৰ উপকাৰিতা সম্পৰ্কে জানেনে

0
2

টেঙামৰা বা মেচকা টেঙা হৈছে পশ্চিম আফ্ৰিকান মূলৰ এবিধ গুল্মজাতীয় উদ্ভিদ৷ টেঙামৰাৰ গছ প্ৰায় ৰ-২.প্ত ছেমিপৰ্যন্ত ওখ হয়৷ ইয়াৰ বৈজ্ঞানিক নাম হৈছে Hibiscus sabdariffa৷ টেঙামৰাৰ ফুলবোৰৰ ৰং বগা অথবা পাতল হালধীয়া আৰু প্ৰতিটো পাহিৰ গুৰি অংশত গাঢ় ৰঙা ৰঙৰ ফুট থাকে৷ টেঙামৰাৰ পাত আৰু পূৰঠ ফল খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়৷ টেঙামৰা এবিধ অতি উপকাৰী উদ্ভিদ৷ আমাৰ শৰীৰৰ বিভিন্ন সমস্যা নিৰ্মূলত টেঙামৰাৰ পাত বা ফলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ টেঙামৰাৰ উপকাৰিতাৰ বিষয়ে জানো আহক৷ টেঙামৰাৰ ৰসে উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷ টেঙামৰাই নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে৷ শুকান টেঙামৰা ফলৰ ৰঙা পাহি পানীত তিয়াই সিজাই সঘনাই খালে তেডগ্ৰহণী ভাল হয়৷ টেঙামৰাৰ বীজৰ ৰসে আভোক দূৰ কৰে৷ টেঙামৰাত ভিটামিন-চি অধিক পৰিমাণে পোৱা যায় বাবে ছালৰ কাৰণে অত্যন্ত উপকাৰী৷ টেঙামৰাই দেহত বেক্টেৰিয়াৰ সংক্ৰমণক বাধা দিব পাৰে৷
টেঙামৰাৰ পাতৰ ৰসে পেটৰ বিষ উপশম কৰিব পাৰে৷ টেঙামৰাই দৃষ্টিশক্তি বৃদ্ধিত অৰিহণা যোগায়৷ টেঙামৰা খালে গাৰ ছাল নিমজ আৰু মসৃণ হয়৷ স্নায়ু সুস্থ আৰু সবল কৰি ৰাখিবলৈ টেঙামৰা খোৱাটো ভাল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here