মেগনেচিয়ামৰ নাটনিৰ এইবোৰ প্ৰাথমিক লক্ষণ

0
13

মানৱ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ, ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰা তথা হাড়ৰ স্বাস্থ্য ভালে ৰাখিবলৈ মেগনেচিয়ামৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ বিশেষকৈ মহিলাসকলৰ প্ৰিমেনষ্ট্ৰুয়াল চিনড্ৰোম, পেলভিক বেথা তথা মেনোপজৰ লক্ষণৰ পৰা মুক্তি পোৱাত সহায় কৰিব পাৰে এই খনিজই৷ শৰীৰৰ পৰ্যাপ্ত পৰিমাণে মেগনেচিয়াম থাকিলে গৰ্ভৱতী মহিলাসকলৰ শাৰীৰিক জটিলতা কম হয়৷ ইয়াৰ উপৰি মেগনেচিয়ামে মূৰৰ বিষ, উদ্বেগ আনকি টোপনি হোৱাৰ ব্যাঘাত নিয়ন্ত্ৰণত সহায় কৰে৷ গৱেষণাত কোৱা হৈছে যে মেগনেচিয়াম তথা ভিটামিন-বি৬ৰ সংমিশ্ৰণ প্ৰিমেনষ্ট্ৰুয়াল লক্ষণবোৰক উল্লেখযোগ্যভাৱে উন্নত কৰিব পাৰে৷ সেয়ে বিশষকৈ মহিলাসকলে শৰীৰত মেগনেচিয়ামৰ অভাৱ সম্পৰ্কে সতৰ্ক থকা উচিত৷ সেয়ে মেগনেচিয়ামৰ অভাৱৰ প্ৰাথমিক লক্ষণসমূহৰ বিষয়ে জানো আহক৷
শৰীৰত মেগনেচিয়ামৰ অভাৱৰ প্ৰাথমিক লক্ষণবোৰৰ ভিতৰত এটা অন্যতম লক্ষণ হ’ল খোৱাৰ প্ৰতি অনীহা অহা, অৰ্থাৎ খাবলৈ মন নকৰা, খোৱা কমি যোৱা৷ আচলতে মেগনেচিয়ামে নিউৰাট্ৰান্সমিটাৰ নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ সেয়ে ইয়াৰ মাত্ৰা কমি গ’লে সেই সংকেত ব্যাহত হয়৷ যাৰ ফলত খোৱাৰ প্ৰৱণতা বা মাত্ৰা কমি যায়৷
শৰীৰত মেগনেচিয়ামৰ নাটনি হ’লে অনৱৰতে বমি বমি ভাব হয়৷ মেগনেচিয়ামৰ অভাৱত হজম শক্তি ব্যাহত হ’লে এই সমস্যা হ’ব পাৰে৷ অপৰ্যাপ্ত মেগনেচিয়ামৰ কাৰণে স্বাভাৱিক গেষ্ট্ৰোইনটেষ্টাইনাল ফাংচন ব্যাহত হ’ব পাৰে৷ যাৰ ফলত অস্বস্তি, বমি তথা বমি ভাব হয়৷
ক্লান্তি তথা পেশী দুৰ্বলতা মেগনেচিয়ামৰ নাটনিৰ আন এটা সাধাৰণ লক্ষণ৷ শৰীৰৰ শক্তি উৎপাদনৰ বাবে মেগনেচিয়াম অপৰিহাৰ্য৷ মেগনেচিয়ামৰ অভাৱৰ ফলত খাদ্যক ব্যৱহাৰযোগ্য শক্তিত ৰূপান্তৰ কৰাত শৰীৰক কচৰত কৰিবলগা হয়৷ যাৰ ফলত শৰীৰ সকলো সময়তে ক্লান্তি, ভাগৰ তথা দুৰ্বল বোধ হৈ থাকে৷
শৰীৰত কম মেগনেচিয়ামৰ কাৰণে মহিলাসকলৰ পিৰিয়ডৰ সময়ত পীড়া হোৱাটো আন এটা লক্ষণ৷ মেগনেচিয়ামে পেশীক শিথিল কৰাত সহায় কৰে তথা মেগনেচিয়ামৰ অভাৱত পিৰিয়ডৰ সময়ত পেশীত টান পৰে৷ সেয়ে প্ৰায়েই যদি পিৰিয়ড ক্ৰাম্পত কষ্ট পোৱা যায়, তেনেহ’লে মেগনেচিয়ামযুক্ত খাদ্য গ্ৰহণ কৰাটো অতীৱ প্ৰয়োজন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here