আধুনিক ব্যস্ততাময় জীৱনৰ সকলোৰে হোৱা এটা সমস্যা হৈছে মূৰৰ বিষ৷ পুৱাৰ পৰা ৰাতি শোৱালৈকে কৰ্মব্যস্ত জীৱন, বিভিন্ন মানসিক চাপ, প্ৰদূষিত বায়ু আদি বিভিন্ন কাৰণত মূৰৰ বিষ হ’ব পাৰে৷ কেতিয়াবা এনে মূৰৰ বিষে গুৰুতৰ ৰূপ লোৱাও দেখা যায়৷ পানীলগা অসুখ, চোকা ৰ’দত ঘূৰা ফুৰা কৰা, চকুৰ দৃষ্টিশক্তি কমা আদিবোৰ কাৰণতো মূৰ বিষাব পাৰে৷ সাধাৰণতে মূৰৰ বিষ হ’লে হঠাৎ খং উঠা, শৰীৰ অৱশ বা ভাগৰুৱা অনুভৱ হয়৷ মানুহজন খিংখিঙীয়া স্বভাৱৰ হয়৷ কেতিয়াবা মূৰৰ বিষ বেছি হৈ জ্বৰ উঠাও দেখা যায়৷ হুলস্থূলীয়া পৰিৱেশ, অত্যধিক ভিৰ আদিও মূৰৰ বিষৰ কাৰণ হ’ব পাৰে৷ অত্যধিক ৰাগিয়াল দ্ৰব্য সেৱন, বহু সময় ধৰি ভোকত থকা, শৰীৰত পানীৰ পৰিমাণ কমি যোৱা, টোপনি ক্ষতি আদিবোৰো মূৰৰ বিষৰ প্ৰধান কাৰণ৷ আমি সাধাৰণতে তৎক্ষণাৎ মূৰৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ বাম, বিষনাশক মলম আদি ব্যৱহাৰ কৰোঁ৷ কিন্তু এইবোৰ কৰাৰ উপৰিও মূৰৰ বিষ নিৰাময়ৰ বাবে ঘৰুৱাভাৱে কিছুমান বিধানৰ সহায় ল’ব পাৰি, যিটোৰ ফল দীৰ্ঘস্থায়ী হয় আৰু মূৰৰ বিষ নিৰ্মূল কৰাত যথেষ্ট অৰিহণা যোগায়৷ প্ৰতিকাৰ হিচাপে ধনিয়াৰ পাত পিহি কপালত সানি থ’লে মূৰৰ বিষ নাইকিয়া হয়৷ সেমেকা মাটিৰ লেপ মূৰত সানিলেও মূৰৰ বিষ নোহোৱা হয়৷ ডালচেনিত কিছু পানী দি পিচি লৈ গৰম কৰি কাণৰ লটি বা কপালত সানিলেও ভাল হয়৷ শুকান তুলসীৰ পাত পিচি লৈ শুঙিলে মূৰৰ বিষৰ পৰা উপশম পাব পাৰি৷ চাহত থকা কেফেইন মূৰৰ বিষৰ বাবে অনিষ্টকাৰী যদিও ফিকা চাহৰ লগত তুলসীৰ পাত মিলাই খালে মূৰৰ বিষ নোহোৱা হ’ব পাৰে৷ গৰম গাখীৰ মূৰৰ বিষৰ বাবে লাভদায়ক৷ যোগ, প্ৰাণায়াম আদি নিয়মিতভাৱে কৰিলে কেতিয়াও মূৰৰ বিষ নহয়৷ মূৰৰ বিষৰ উপশমৰ বাবে যথেষ্ট পৰিমাণে পানী খাব লাগে৷ মূৰৰ বিষ অত্যধিক একেলেথাৰিয়ে হৈ থাকিলে পলম নকৰি আমি চিকিৎসকৰ ওচৰ চাপিব লাগে, কাৰণ ই আন ৰোগৰো কাৰক হ’ব পাৰে৷