মানুহে স্বাস্থ্য সচেতন হৈ উঠিবলৈ তথা ক্ৰমাগত খাদ্যৰ প্ৰয়োজনৰ বাবে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাটো জৰুৰী৷ এটা সুস্থ তথা স্বাস্থ্যসন্মত শৰীৰ লাভ কৰিবলৈ হ’লে খাদ্যৰ ক্ষেত্ৰত বিশেষ নজৰ দিয়া খুবেই প্ৰয়োজন৷ কিয়নো পুষ্টিকৰ খাদ্যইহে শৰীৰ নিৰোগী তথা সুস্থ সবল কৰি ৰাখে৷ ইয়াৰ বাবে মাছ, মাংস, গাখীৰকে ধৰি বিভিন্ন ফল-মূল আমি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰোঁ৷ স্বাস্থ্যৰ প্ৰয়োজনৰ বাবে বিভিন্ন বিকল্পৰ সন্ধান কৰোঁ৷ইয়াৰ ভিতৰত মুৰি আৰু মাখানা আমি খোৱাৰ অভ্যাস বহুতৰে আছে৷ দুয়োবিধ খাদ্যৰে বিশেষ বৈশিষ্ট্য ৰৈছে৷ এতিয়া যদি আপুনি ক’ব বিচাৰে যে মুৰি আৰু মাখনা কোনবিধ বেছি স্বাস্থ্যকৰ৷ ইয়াৰ উত্তৰত অৱশ্যে কিছু জানিবলগীয়া কথা আছে৷ সেয়ে জািনো আহক মুৰি অথবা মাখানা কোনবিধ বেছি স্বাস্থ্যকৰ৷ মাখানা অৰ্থাৎ ফক্স নাটছ তথা মুৰি দুয়োবিধে স্বাস্থ্যকৰ খাদ্য৷ এইবোৰ খাদ্য কেৱল সুস্বাদু তথা সহজলভ্যই নহয়, স্বাস্থ্য উপকাৰীও৷ সাধাৰণতে পদ্মবীজ নামে পৰিচিত মাখানা৷ পুুষ্টিবিদৰ মতে মাখানা কম কেলৰিযুক্ত তথা প্ৰয়োজনীয় পুষ্টিগুণ সমৃদ্ধ এবিধ ড্ৰাই ফ্ৰুইটছ৷ ইয়াত প্ৰ’টিন, ফাইবাৰ, মেগনেচিয়াম, পটাচিয়াম, ফচফৰাছ আদি যথেষ্ট পৰিমাণে থাকে৷ আনহাতে মাখানা এণ্টিঅক্সিডেণ্ট সমৃদ্ধ হোৱাৰ বাবে সামগ্ৰিক স্বাস্থ্য সুস্থ কৰি ৰখাত যথেষ্ট অৱদান আগবঢ়ায়৷ একাধিক গুণেৰে ভৰপূৰ এইবিধ ড্ৰাই ফ্ৰুইটছ দুৰ্দান্ত ব্ৰেক ফাষ্ট হিচাপে বিবেচিত হৈছে৷ যিসকলৰ ওজন বৃদ্ধিৰ দৰে সমস্যা আছে, তেওঁলোকৰ কাৰণে ওজন হ্ৰাসৰ বিকল্প হিচাপে কাম কৰে এই মাখানাই৷ আনহাতে মুৰি নৰম তথা লাহি খাদ্য৷ সৰু ল’ৰা-ছোৱালীয়ে এইবিধ খাদ্য খাবলৈ পচন্দ কৰে৷ মুৰি কেলৰি কম থাকে তথা অন্যান্য প্ৰয়োজনীয় উপাদান যথেষ্ট পৰিমাণে পোৱা যায়৷ মুৰি প্ৰ’টিন আৰু ফাইবাৰৰ ভাল উৎস যদিও কিছু পৰিমাণেহে কাৰ্বহাইড্ৰেট সৰবৰাহ কৰে৷ মাখানা প্ৰায়েই তেলত ভজা হয়, য’ত অতিৰিক্ত কেলৰি তথা ফেট যোগ হয়৷ আনহাতে মুৰি সাধাৰণতে কোনো তেল মছলা অবিহনে শুকানে খোৱা হয়৷ মাখানা গ্লুটেন মুক্ত, কিন্তু মুুৰিত গ্লুটেন থাকে৷ মাখানাৰ গ্লাইচেমিক ইনডেক্স মুৰিৰ তুলনাত যথেষ্ট কম৷ অৰ্থাৎ ই ৰক্ত শৰ্কৰাৰ মাত্ৰা আকস্মিক বৃদ্ধি নকৰে৷ সেয়ে ডায়েবেটিছ ৰোগীৰ কাৰণে মাখানা এবিধ উত্তম খাদ্য হিচাপে স্থান লাভ কৰিছে৷ মুৰিত উচ্চ গ্লাইচেমিক সূচক থাকে তথা ৰক্ত শৰ্কৰাৰ মাত্ৰা দ্ৰুত বৃদ্ধিৰ কাৰণে হ’ব পাৰে৷ ডায়েবেটিছ আক্ৰান্ত ব্যক্তিয়ে কম পৰিমাণে মুৰি খোৱা উচিত৷ আনহাতে মাখানা তথা মুৰি উভয়তে নিজৰ স্বাস্থ্যগুণ আছে৷ মাখানা প্ৰ’টিন আৰু এণ্টিঅক্সিডেণ্ট সমৃদ্ধ হ’লেও মুৰিত ফেট আৰু কেলৰি যথেষ্ট কমকৈ থাকে৷ সেয়ে এইবোৰ কম পৰিমাণে তথা এবিধ সুষম আহাৰৰ অংশ হিচাপে খোৱা উচিত৷