মুখৰ সৌন্দৰ্য বৃদ্ধিত সহায়ক এইবিধ ভিটামিন

0
29

নাৰীৰ ওচৰত তেওঁলোকৰ গৌৰৱ আৰু আত্মবিশ্বাসৰ বিষয় হৈছে তেওঁলোকৰ সৌন্দৰ্য৷ নাৰীয়ে বিশেষকৈ মুখৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে যে কি কি নকৰে? দৈনিক বিউটি পাৰ্লাৰক যোৱাৰ উপৰি ঘৰুৱাভাৱে ছালখনৰ যত্ন লোৱাৰ মহিলাসকলৰ প্ৰধান কৰ্তব্য বুলি ভাৱে বাবে মুখৰ যত্ন লোৱাৰ ক্ষেত্ৰত কাৰ্পণ্য নকৰে৷ মহিলাসকলে পুৰুষৰ তুলনাত ঘৰুৱাভাৱে বিভিন্ন বিধান মনাৰ উপৰি খাদ্য গ্ৰহণৰ ক্ষেত্ৰতো সজাগ তথা সচেতন হয়৷ ছালৰ পৰিচৰ্যাৰ ক্ষেত্ৰত মহিলাসকলে বিভিন্ন পণ্য সামগ্ৰী ব্যৱহাৰ কৰে৷ অৱশ্যে কিছুক্ষেত্ৰত নতুন কোনো পণ্য ব্যৱহাৰ কৰাৰ ফলত ছালৰ সমস্যাইহে দেখা দিয়ে৷ আপুনি জানেনে কোনবিধ বিশেষ ভিটামিনৰ কাৰণে ছালৰ সৌন্দৰ্য বৃদ্ধি হয়৷ এই ভিটামিন সমৃদ্ধ খাদ্য খালে ছালৰ সৌন্দৰ্য বহুগুণে বাঢ়ে৷ এই ক্ষেত্ৰত ভিটামিন-ই ছালৰ সুস্থতা তথা সৌন্দৰ্য বৃদ্ধিত যথেষ্ট সহায় কৰে৷ ভিটামিন-ই কেপছুল নিয়মিতভাৱে মুখত লগালে মুখৰ উজ্জ্বলতা তথা সজীৱতা বৃদ্ধি পায়৷ ইয়াৰ উপৰি ছাল খন স্বাস্থ্যকৰ আৰু নিৰোগী কৰি ৰাখিবলৈ আপোনাৰ ডায়েটত ভিটামিন-ই সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰিব পাৰে৷ ভিটামিন-ইত প্ৰচুৰ এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে ছালখন ফ্ৰি ৰেডিকেলৰ পৰা মুক্তি দিয়ে৷ গোটা শস্য, ওটছ, বাদামী ছাল, সূৰ্যমুখীৰ বীজ, সেউজীয়া শাক-পাচলি আদি ভিটামিন-ই সমৃদ্ধ খাদ্য৷ এইবোৰ খাদ্য গ্ৰহণ কৰিলে ছালৰ সুস্থতা তথা সৌন্দৰ্য বৃদ্ধি পায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here