মুখৰ ভিতৰত ছাল ছিগিলে কি কৰিব?

0
2173

মুখৰ ভিতৰৰ ছাল ছিগা সমস্যাটো দেখাত সৰু যেন লাগিলেও ভুক্তভোগীসকলেহে উপলব্ধি কৰিব পাৰে ইয়াৰ যন্ত্ৰণা কিমান বেদনাদায়ক৷ মুখৰ ভিতৰৰ ছাল ছিগাৰ প্ৰধান কাৰণসমূহৰ ভিতৰত খৰধৰকৈ খাদ্য খাওঁতে বা কথা কওঁতে কামোৰ খায়ো ছাল ছিগা দেখা যায়৷ তাৰ উপৰি কেতিয়াবা গম নোপোৱাকৈয়ে আমাৰ মুখৰ ভিতৰৰ ছাল ছিগে৷ ইয়াৰ কাৰণ কি আপুনি জানেনে? পুষ্টিহীনতা বা ভিটামিন-চিৰ অভাৱৰ বাবে মুখৰ ভিতৰৰ ছাল ছিগা বা ঘা লগা দেখা যায়৷ এই সমস্যা হ’লে খোৱা-বোৱাত অসুবিধা হয়, ভালকৈ মুখ মেলিব নোৱাৰা হয়, আক্ৰান্ত ঠাইত খাদ্যবস্তু লাগিলে জ্বলন হয়৷ ইয়াৰ প্ৰতিকাৰৰূপে

(১) পুষ্টিকৰ খাদ্য বা ভিটামিন-চিযুক্ত খাদ্য গ্ৰহণ কৰিব লাগে৷
(২) জেতুকাৰ পাত পিহি কিছু সময় মুখত ৰাখি থ’ব লাগে আৰু জেতুকাৰ পাতৰ ৰসেৰে মুখ কুলুকুলু কৰিলেও সুফল পোৱা যায়৷
(৩) কুহুমীয়া পানীত নিমখ মিহলাই কুলুকুলু কৰিলেও বিষ নিৰাময় হয়৷
(৪) অৰ্জুন গছৰ ছালৰ ৰসেৰে মুখ কুলকুলিয়ালেও যথেষ্ট আৰাম পোৱা যায়৷
(৫) আঁহত গছৰ ছালৰ গুৰি মৌৰ লগত মিহলি কৰি মুখত কিছু সময় ৰাখি পাছত ধুই দিব লাগে৷
(৬) মুখৰ ভিতৰৰ যিকোনো ঘা বা ছাল ছিগিলে চালকুঁৱৰী লগালে উপশম পাব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here