মুখৰ ব্ৰুন, ক’লা দাগৰ বাবেচন্দনৰ সৈতে এই উপাদান লগাওক

0
961

ছাল ভালে ৰখাত চন্দনৰ ভূমিকা অনন্য৷ সেই কাৰণে অতীতৰে পৰা ৰূপচৰ্চাত চন্দন নিৰৱচ্ছিন্নভাৱে ব্যৱহাৰ হৈ আহিছে৷ মুখত নিয়মতভাৱে চন্দন লগালে যথেষ্ট সুফল পোৱা যায়৷ চন্দনৰ গুণৰ ফলত ছাল বিভিন্ন সমস্যা নিৰাময় হয়৷ যাৰ বাবে ছালৰ উজ্জ্বলতা তথা সজীৱতা দুগুণে চৰে৷ কিন্তু কি নিয়মত চন্দন ব্যৱহাৰ কৰিব আৰু কিধৰণৰ উপকাৰ পাব, সেই বিষয়ে বিস্তাৰিতভাৱে জানো আহক৷
চন্দনে আপোনাৰ ছালৰ বাহিৰ আৰু ভিতৰ দুয়োটাৰে প্ৰদাহ কমোৱাত সহায় কৰে৷ ইয়াৰ ফলত মুখত সহজে ব্ৰুনৰ দৰে সমস্যাৰ দেখা দিব নোৱাৰে৷
ছালৰ অতিৰিক্ত তেল নিঃসৰণ নিয়ন্ত্ৰণত ৰাখে এই প্ৰাকৃতিক উপাদানে৷ যাৰ ফলত স্বাভাৱিকভাৱে ছালৰ বিভিন্ন সমস্যা নিয়ন্ত্ৰণত থাকে৷
ইয়াৰ উপৰি চন্দনত থকা এণ্টিবেক্টেৰিয়েল গুণে ছালখন ভালে ৰখাত বিশেষ ভূমিকা গ্ৰহণ কৰে৷ ইয়ে ছালত হোৱা সংক্ৰমণৰ প্ৰভাৱ ৰোধ কৰাত সহায় কৰে৷
ইয়াৰ বাবে আপুনি বিভিন্ন উপায়ৰে মুখত চন্দন ব্যৱহাৰ কৰিব পাৰে৷ চন্দনৰ গুড়িৰ সৈতে সামান্য পৰিমাণৰ গোলাপ জল মিহলাই উক্ত মিশ্ৰণটো গোটেই মুখখনতে লগাব পাৰে৷ সপ্তাহত দুই তিনি দিন এইদৰে লগালে যথেষ্ট সুফল পাব৷
চন্দনৰ ফেটপেক তৈয়াৰ কৰিবলৈ প্ৰথমে এটা কাচৰ পাত্ৰত অলপ বেচন লওক৷ ইয়াৰ পাছত গোলাপ জল অলপ লৈ তাত চন্দনৰ গুড়ি মিহলাই ভালদৰে এটা মিশ্ৰণ প্ৰস্তুত কৰক৷ এই ফেচপেকটো মুখখনত ভালদৰে লগাই কিছু সময় ৰাখি পাছত পৰিষ্কাৰ পানীৰে ঘুই দিব৷ সপ্তাহত এইদৰে দুই তিনি দিন লগালে ছালখনৰ তৈলাক্ত ভাব নাইকিয়া হৈ মুখখনৰ সৌন্দৰ্যত যথেষ্ট সফলতা লাভ কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here