মিউকোছিল মুখগহ্বৰৰ এটা সমস্যা, যি লালতি গ্ৰন্থিৰ ব্লকেজ অথবা আঘাতৰ কাৰণে সৃষ্টি হয়৷ ইয়াক সাধাৰণতে ওঁঠ, জিভা বা মুখগহ্বৰৰ ভিতৰৰ নৰম টিছুৰে গঠিত হয় আৰু দেখাত তৰল পদাৰ্থৰে পূৰ্ণ সৰু পিণ্ড বা চিষ্টৰ দৰে৷ যদিও এই সমস্যা সাধাৰণ বুলি ভবা হয়, তথাপি দীৰ্ঘসময় ধৰি অৱহেলা কৰিলে পাছলৈ জটিলতাৰ সৃষ্টি কৰিব পাৰে৷ সাধাৰণতে লালতি গ্ৰন্থিৰ ক্ষতিগ্ৰস্ত হোৱাৰ কাৰণে এই ৰোগৰ সৃষ্টি হয়৷ এই ক্ষতিগ্ৰস্তৰ বেছিভাগ ক্ষেত্ৰতে আঘাত যেনে– ওঁঠত কামোৰ খোৱা, দাঁতৰ ধাৰাল অংশৰ সৈতে টিছুৰ ঘৰ্ষণ হ’লে আদিৰ বাবে হ’ব পাৰে৷ লালতি গ্ৰন্থিৰ ৰন্ধ্ৰ বন্ধ হ’লে লালতি বাহিৰ হ’ব নোৱৰাৰ ফলত সেই অংশত চিষ্ট আকাৰে জমা হয়৷ মিউকোছিল সাধাৰণতে কোমল, সৰু আৰু স্বচ্ছ পিণ্ড আকাৰে দেখা যায়৷ এইবোৰ স্বাভাৱিক ছালৰ ৰঙৰ হ’ব পাৰে৷ বিষ সাধাৰণতে নহয় যদিও আকাৰত ডাঙৰ হ’লে অস্বস্তিবোধ অনুভৱ হয়৷ অথবা মিউকোছিল ভাঙি গ’লে তৰল বাহিৰ হ’ব পাৰে৷ সৰু আকাৰৰ হ’লে নিজে নিজেই নোহোৱা হয়৷ ইয়াক চিকিৎসাৰ ক্ষেত্ৰত ছাৰ্জাৰী বা লেজাৰৰ জৰিয়তে চিষ্ট অপসাৰণ কৰা হয়৷ আনহাতে অনৱৰতে ওঁঠ কামোৰাৰ দৰে বদঅভ্যাস পৰিত্যাগ কৰাত মনোযোগ দিব লাগে৷ প্ৰতিদিনে মুখগহ্বৰ পৰিষ্কাৰ ৰখাৰ লগতে লালতি গ্ৰন্থিৰ সুৰক্ষাৰ ক্ষেত্ৰত সচেতন থকা জৰুৰী৷