ভাৰতবৰ্ষত খাদ্য খোৱাৰ পাছত পৰম্পৰাগতভাৱে মুখশুদ্ধিৰ খোৱাৰ প্ৰচলন বহু আগৰে পৰা চলি আহিছে৷ ইয়াৰ ভিতৰত পাণ-তামোল, পাণ মছলা, গুৱামুৰী, মিছৰি, ইলাচি, লং, ডালচেনি আদি বিভিন্ন প্ৰকাৰৰ মুখশুদ্ধিৰ প্ৰচলন হয়৷ অকল স্বাদ সলনি মুখৰোচক হিচাপে নহয়, মুখশুদ্ধিৰ আছে বৈজ্ঞানিক তথা আয়ুৰ্বেদিক গুণাগুণ৷ ইয়াৰ উপৰি মুখশুদ্ধিৰ পৰা বিভিন্ন ৰোগৰ পৰাও হাত সাৰি থাকিব পাৰি৷ আয়ুৰ্বেদত লঙক অত্যন্ত গুৰুত্বপূৰ্ণ মুখশুদ্ধি হিচাপে গণ্য কৰা হয়৷ বিশেষজ্ঞই পৰামৰ্শ দিয়ে যে খাদ্য গ্ৰহণৰ পাছত এটা-দুটা লং লাহে লাহে চোবাই খাব লাগে৷ যাতে ইয়াৰ ৰস মুখৰ লালতিত ভালদৰে মিহলি হয়৷ হজম শক্তি বৃদ্ধি লঙে যথেষ্ট সহায় কৰে৷ নেশ্যনেল লাইব্ৰেৰী অব্ মেডিচিনৰ ২০২৪ চনৰ গৱেষণা অনুযায়ী লঙত আছে বেক্টেৰিয়া আৰু ফাংগাছ প্ৰতিৰোধী গুণ৷ ইয়াৰ উপৰি লঙত ইউজেনল নামৰ এবিধ গুৰুত্বপূৰ্ণ উপাদান পোৱা যায়, যিয়ে মুখৰ দুৰ্গন্ধ দূৰ কৰাত সহায় কৰে৷ গেছ, এচিডিটি, বদহজম আদি প্ৰতিৰোধ কৰাত সহায় কৰে লঙে৷ আনহাতে লঙক প্ৰাকৃতিক মাউথ ফ্ৰেচনাৰ বুলি কোৱা হয়৷ দাঁতৰ বিষ নিৰাময়, দাঁতৰ মাচা ফুলি উঠা তথা দাঁতৰ স্বাস্থ্যৰ বাবে লঙৰ তেল ব্যৱহাৰ কৰিব পাৰে৷ লঙে পেটত জমা হোৱা কফ সহজে বাহিৰ কৰাত সহায় কৰে৷ চৰ্দি, কাহ আদি কমাই ৰাখিবলৈ লং যথেষ্ট কাৰ্যকৰী৷ ব্লাড ছুগাৰ নিয়ন্ত্ৰণত ৰখাৰ ক্ষেত্ৰত লঙে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷ শৰীৰৰ ইনছুলিনৰ কাৰ্যকাৰিতা বৃদ্ধি কৰি ডায়েবেটিছ ৰোগীক সহায় কৰে লঙে৷ লঙত থকা এণ্টিঅক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি অৰিহণা যোগায়৷