মিঠাইৰ নামত বৰবিহ ঃ গুৱাহাটীতপূতিগন্ধময় পৰিৱেশত মিঠাই প্ৰস্তুত

0
290

ৰাজ্যৰ লগতে খোজ মহানগৰীৰ নাগৰিকে মিঠাইৰ নামত কি খাইছে৷ একাংশ ব্যৱসায়ীয়ে  ৰাজ্যবাসীক সুস্বাদু মিঠাই খুওৱাৰ নামত অস্বাস্থ্যকৰ পৰিৱেশত মিঠাই প্ৰস্তুত কৰি জনসাধাৰণৰ খুৱাই আহিছে৷ বাহিৰৰ পৰা দেখা মিঠাই পৰিৱেশন কৰা দোকানখনত ডাঙৰ ডাঙৰ কাচেৰে আৱৰি তাত এচি সংলগ্ম কৰি অত্যাধুনিকভাৱে সাজি ৰাখিছে যদিও ইয়াত পৰিৱেশন কৰা মিঠাইত কেনেকুৱা পৰিৱেশত তৈয়াৰ কৰিছে, সেয়া নিজ চকুৰে দেখিছে আপোনাৰ চকু কপালত উঠিব৷ মিঠাইৰ ব্যৱসায়ীয়ে য’ত মিঠাই তৈয়াৰ কৰা কাৰখানা স্থাপন কৰিছে, বেছিভাগৰে অৱস্থা অতি কদৰ্য, লেতেৰা তথা তাত এক মিনিট থাকিলেই আপোনা-আপুনি ওকালি আহিব৷ চাৰিওফালে দুৰ্গন্ধময় পৰিৱেশত মুকলিকৈয়ে মিঠাই প্ৰস্তুত কৰি কোনো আঁৰবেৰ বা ঢাকনি অবিহনেই প্ৰস্তুত হোৱা মিঠাই ৰাখিছে৷ সেই মিঠাইবোৰে পাছত কাচেৰে আৱৰা আলমাৰিত আমাৰ বাবে পৰিৱেশন কৰে দোকানীয়ে৷ মিঠাই প্ৰস্তুত কৰা স্থানত খাদ্য সুৰক্ষা বিভাগে অভিযান চলাই ধৰা পেলাইছে অনেক বিসংগতি৷ ইয়াৰ বিৰুদ্ধে গুৱাহাটীৰ কুমাৰপাৰাত খাদ্য সুৰক্ষা বিভাগে অভিযান চলায়৷ পূতিগন্ধময় পৰিৱেশত মিঠাই প্ৰস্তুত কৰা কেইবাটাও মিঠাই প্ৰস্তুত কৰা স্থানত চলিল খাদ্য সুৰক্ষা বিভাগৰ অভিযান৷ পৌৰ নিগমৰ দলটোৱে কেইবাখনো মিঠাইৰ দোকান ছীল কৰি দিয়াৰ লগতে জৰিমনা বিহে৷ উল্লেখ্য যে গুৱাহাটীবাসীয়ে মিঠাইৰ নামত বৰবিহ গ্ৰহণ কৰি আহিছে৷ অতি কদৰ্য তথা লেতেৰা পৰিৱেশত প্ৰস্তুত কৰা মিঠাইসমূহ বহু নামী-দামী মিঠাইৰ দোকানৰ কাচৰ বাকচত সজাই ৰখা মিঠাইবোৰৰ অধিকাংশই মানুহৰ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক৷ এই কথা গুৱাহাটী পৌৰ নিগমৰ স্বাস্থ্য বিভাগ তথা খাদ্য সুৰক্ষা বিভাগৰ অভিযানত পোহৰলৈ আহিছে৷ এনে মিঠাই দোকান তথা কাৰখানাৰ লগতে মহানগৰৰ প্ৰখ্যাত একাংশ হোটেল, ৰেস্তোৰাঁৰ অনাময় ব্যৱস্থা অতি লেতেৰা হোৱাৰ লগতে গুৱাহাটী পৌৰ নিগমৰ বহু নীতি-নিয়ম উলংঘা কৰি দীৰ্ঘদিনৰ পৰা ব্যৱসায় চলাই  থকাত চকু কপালত তুলিছে অভিযানকাৰী বিষয়াৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here