মানৱ সমাজৰ অভিশাপস্বৰূপ ধূমপান

0
2641


ধূমপান হৈছে এক সামাজিক ব্যাধি৷ ইয়াৰ সেৱনৰ ফলত হ’ব পৰা ক্ষতিৰ বিষয়ে অৱগত হৈয়ো নৱপ্ৰজন্ম ইয়াৰ মেৰপাকত সুমুওৱা পৰিলক্ষিত হয়৷ সমগ্ৰ বিশ্বতে ধূমপান গ্ৰহণ কৰা লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হৈ গৈ আছে৷ ধূমপান এনে এক নিচা, যাক এবাৰ গ্ৰহণ কৰাৰ পাছত যেন এৰাটো কঠিন৷ বেছিভাগ মানুহেই ইয়াক এৰিব খোজে যদিও বাৰে বাৰে ব্যৰ্থতাৰ সন্মুখীন হয়৷ কেইদিনমানৰ বাবে এই কুঅভ্যাস বন্ধ হ’লেও পুনৰ দিন যোৱাৰ লগে লগে আগৰদৰেই ধূমপান কৰা দেখা যায়৷ বৰ্তমান মানৱ সমাজে ইয়াৰ অপকাৰিতাৰ বিষয়ে জানে যদিও ধূমপান একেবাৰে নিষিদ্ধ হৈ যোৱা নাই৷ ধূমপান স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ ই সমগ্ৰ বিশ্বতে সৰ্বাধিক প্ৰচলিত এক মাৰাত্মক নিচা৷ আমি সকলোৱে জানো, সকলো বস্তুৰে ইতিবাচক বা নেতিবাতক দিশ থাকে; ধূমপানৰ কিন্তু কোনোধৰণৰ ইতিবাচক দিশ দেখা নাযায়৷ চিগাৰেটত থকা নিক’টিন, কাৰ্বন মন’ক্সাইড আদি বিষাক্ত পদাৰ্থই আমাৰ শৰীৰত কেঞ্চাৰকে মুখ্য কৰি অনেক ধৰণৰ মাৰাত্মক ৰোগৰ সৃষ্টি কৰিব পাৰে৷ কাৰ্বন মন’ক্সাইডে তেজত থকা অক্সিজেনখিনি নষ্ট কৰি হৃদযন্ত্ৰ বিকল কৰিব পাৰে৷ ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশবোৰত ধূমপান সেৱনৰ ফলত হোৱা বিভিন্ন ৰোগত শতকৰা হিচাপত বছৰি বিশজন মানুহৰ মৃত্যু হয়৷ বিছ বছৰ ধৰি প্ৰতিদিনে দহটাকৈ চিগাৰেট খালে কেঞ্চাৰ হোৱাটো প্ৰায় নিশ্চিত৷ ধূমপান কৰিলে মুখত কৰ্কট ৰোগ হ’ব পাৰে, লগতে ব্ৰংকাইটিছ হৈ শ্বাস-প্ৰশ্বাসত বাধাৰ সৃষ্টি হ’ব পাৰে৷ ধূম্ৰপানে টোপনিত ব্যাঘাত জন্মায়৷ ধূমপান সেৱনে পাকস্থলীত অম্লৰ মাত্ৰা বঢ়াই ঘাৰ সৃষ্টি কৰে৷ কাহ হোৱাৰ মুখ্য কাৰণ হৈছে ধূমপান সেৱন৷ দাঁতৰ আলুৰ ৰোগৰ ক্ষেত্ৰত ধূমপানৰ অৰিহণা যথেষ্ট৷ আনহাতে গৰ্ভৱতী মাতৃয়ে ধূমপান সেৱন কৰিলে তেওঁৰ গৰ্ভত থকা সন্তানৰ ওজন হ্ৰাস হয়, আনকি মৃত্যুপৰ্যন্তও হ’ব পাৰে৷ ধূমপান সেৱন এটা ক্ষতিকাৰক অভ্যাস৷ যিকোনো পুৰণি এটা অভ্যাস হঠাতে এৰি দিয়াটো যথেষ্ট কষ্টসাধ্য হয়৷ ধূমপান ত্যাগ কৰিবলৈ আমি প্ৰথমে মনটোক দৃঢ় কৰিব লাগিব৷ ধূমপান সেৱনৰ অভ্যাস এৰিবলৈ সেৱন কৰোঁতাজনে নিজেই কিছুমান সহজ উপায় অৱলম্বন কৰিব পাৰে। যেনে– ধঁপাতৰ সলনি আদা খাব লাগে। বেছি পৰিমাণে পানী খোৱাটো জৰুৰী৷ আঙুৰৰ ৰস খাব লাগে৷ সকলো সময়তে মুখত ছুয়িংগাম বা লজেঞ্চ লৈ থাকিব লাগে৷ আনহাতে যোগাসন বা ধ্যানৰ জৰিয়তেও নিশ্চিতভাৱে ধূমপানৰ অভ্যাস ত্যাগ কৰিব পাৰি৷ প্ৰকৃতিয়ে প্ৰদান কৰা এনে এটা সুন্দৰ দেহা ধূমপানৰ দৰে বদ অভ্যাসৰ জৰিয়তে ধ্বংস নকৰি, সুস্থ তথা নিৰোগী কৰি ৰাখি, জীৱনটো সুন্দৰভাৱে যাপন কৰোঁ আহক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here