মানৱ দৰদী চিকিৎসক ডাঃ অৰূপ কুমাৰ নাথৰ নেতৃত্বত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

0
10


গুৱাহাটীৰ সোণাপুৰস্থিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ কিডনী হস্পিটেল ইন্‌ষ্টিটিউট অব্‌ কিডনী ডিজিজেজ চমুকৈ আই ইউ কে ডিৰ ৯০ সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰটো যোৱা ১৬ মাৰ্চ, দেওবাৰে টীয়কত অনুূষ্ঠিত হৈ যায়৷ আই ইউ কে ডি তথা ইষ্টাৰ্ন ষ্ট’ন এণ্ড কিডনী ফাউণ্ডেশ্যনৰ সহযোগত আৰু ৰেণু বড়া মেম’ৰিয়েল একাডেমিৰ লগতে টীয়কৰ কেইজনমান সচেতন সমাজকৰ্মী যুৱকৰ উদ্যোগত ৰেণু বড়া মেম’ৰিয়েল একাডেমিত এই চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়৷ শিবিৰৰ আৰম্ভণিতে সমিতিৰ তৰফৰ পৰা এক বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়৷ উক্ত সম্বৰ্ধনা সভাত আই ইউ কে ডিৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউ”লজি বিশেষজ্ঞ ডাঃ অৰূপ কুমাৰ নাথক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে শিবিৰৰ আয়োজক পাপুল কুমাৰ মৰাঙে আৰু ছ’নিয়া নৰহ পেগুৱে৷ ডাঃ বিকাশ চৌধুৰীক গামোচাৰে সম্বৰ্ধনা জনায় আয়োজক সমিতিৰ সদস্য দিলীপ কুমাৰ ভৰালীয়ে৷ ডাঃ তুষাৰ পালক আদৰণি জনায় একাডেমিৰ ৰাজলক্ষ্মী পেগুৱে৷ আনহাতে ডাঃ ৰোহিণী কুমাৰ দত্তক আদৰণি জনায় অতুল ৰজকে আৰু ধ্ৰুৱজ্যোতি বৰাক আদৰণি জনায় দীপাংকৰ মহন্তই৷ সভাত আঁত ধৰে পাপুল মৰাঙে৷ উক্ত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজনত বিশেষ সহায় আগবঢ়ায় পাপুল মৰাং, দিলীপ ভৰালী, প্ৰাণকমল বৰাই৷ আনহাতে ৰেণু বড়া মেম’ৰিয়েল একাডেমিৰ সঞ্চালক প্ৰাণকমল বৰাক এই সুবিধা কৰি দিয়াৰ বাবে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰা হয়৷ আই ইউ কে ডিৰ মুখ্য পৰিচালন সঞ্চালক তথা ৰাজ্যৰ বিশিষ্ট ইউৰ’লজিষ্ট, লেজাৰমেন খ্যাত ডাঃ অৰূপ কুমাৰ নাথে ৰোগীসকলৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ মত বিনিময় কৰে আৰু তেওঁলোকৰ সমস্যাসমূহৰ বিষয়ে পুংখানুপুংখভাৱে জানিবলৈ বিচাৰে৷ উল্লেখ্য যে ইতিমধ্যে ডাঃ নাথে বিগত কেইমাহমান ধৰি অসমৰ সকলো অঞ্চলকে সামৰি আই ইউ কে ডিয়ে কিডনী সম্পৰ্কীয় বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি অহাৰ লগতে ৰাইজৰ পৰা বিপুল সঁহাৰি লাভ কৰিছে৷ উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাত ভোগা ৰোগীসকলক চিকিৎসা প্ৰদান কৰা হয় আৰু তেওঁলোকৰ এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিধানৰ লগতে বিনামূলীয়াকৈ ঔষধো প্ৰদান কৰা হয়৷ উক্ত চিকিৎসা শিবিৰত অঞ্চলটোৰ পৰা শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়৷ শিবিৰত ডাঃ অৰূপ কুমাৰ নাথৰ নেতৃত্বত যোৱা চিকিৎসক, স্বাস্থ্যকৰ্মী, নাৰ্ছৰ এটা বিশেষজ্ঞৰ দলে এই ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়ায়৷ উল্লেখ্য যে সোণাপুৰত থকা আই ইউ কে ডি হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ তথা অন্যতম কিডনী হস্পিটেল, য’ত কেৱল কিডনী সম্পৰ্কীয় সকলো চিকিৎসা প্ৰদান কৰা হয়৷ ইতিমধ্যে এই হস্পিটেলখনত ডাঃ নাথৰ নেতৃত্বত চিকিৎসকৰ দলে সহস্ৰাধিক সফল অস্ত্ৰোপচাৰো সম্পাদন হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here