মানৱ দেহ প্ৰতিটো অংগই অত্যন্ত প্ৰয়োজনীয়৷ ইয়াৰে এটা অংগ অচল হ’লেই শৰীৰৰ মাৰাত্মক সমস্যাই দেখা দিব পাৰে৷ আনকি মৃত্যুমুখতো পৰিব পাৰে৷ আনহাতে মানৱ দেহৰ এনে কিছুমান বিশেষ অংগ আছে, যিবোৰে অন্য অংগতকৈ তুলনামূলকভাৱে বেছি কাৰ্যক্ষম বা বেছি কাম কৰে৷ গোটেই দিনৰ কাম-কাজ, দৌৰা-ঢপৰা, খোৱা-বোৱা আদি শৰীৰৰ বিভিন্ন অংগ জড়িত হৈ থাকে৷ শৰীৰৰ প্ৰতিটো অংগৰে কাম ভিন্ন ভিন্ন৷ আনহাতে কোনো এটা অংগ সমস্যা হ’লে আন অংগতো ইয়াৰ প্ৰভাৱ পৰে৷ ইয়াৰ মাজতে মানৱ দেহৰ এনে এটা অংগ আছে, যিটো আন অংগৰ তুলনাত বহু বেছি কাম কৰে৷ যাৰ কামৰ কোনো সীমা নাই, একেৰাহে নৰোৱাকৈয়ে এই অংগটোৱে নিজৰ কৰ্ম সম্পাদন কৰি থাকে৷ যি অংগ কেনেবাকৈ বিকল হ’লেই মৃত্যু পৰ্যন্ত হ’ব পাৰে৷ লিভাৰে বেছি কাম কৰে বুলি বহুতেই ভাবে যদিও সেয়া সত্য নহয়৷ আনহাতে বহুতেই এই অংগটো মস্তিষ্কৰ বুলি ধাৰণা কৰে যদিও এই ধাৰণাটোও ভুল৷ কাৰণ মানৱ দেহৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অংগ হ’লেও মস্তিষ্কই সকলোতকৈ বেছি কাম নকৰে৷ মানৱ দেহৰ সমস্ত অংগৰ মাজত সকলোতকৈ বেছি কাম কৰা অংগটো হ’ল হৃদপিণ্ড৷ এই অংগটোৱে শৰীৰৰ আন আন অংগৰ তুলনাত আটাইতকৈ বেছি কাম কৰে৷ কাৰণ হৃদপিণ্ডৰ কাম কেতিয়াও নৰয়৷ এক ছেকেণ্ডো নৰোৱাকৈ কাম কৰা হৃদপিণ্ডই কেনেবাকৈ কাম নকৰা হ’ল মানেই মানুহৰ মৃত্যু৷