মানুহ কেতিয়াও বৃদ্ধ নহ’ব‘জীৱনৰ অমৃত’ৰ সন্ধান বিজ্ঞানীৰ

0
189


বয়স বৃদ্ধি পোৱা তথা বৃদ্ধ হোৱাতো প্ৰকৃতিৰ নিয়ম৷ বয়স বৃদ্ধি পোৱাৰ লগে লগে মানুহৰ শৰীৰত ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়৷ মুখৰ লগতে গাৰ ছাল সোতোৰা পৰিবলৈ ধৰে৷ ৰোগৰ প্ৰভাৱত কোষবোৰে ক্ৰমাৎ নিস্তেজ হ’বলৈ ধৰে৷ কিন্তু অদূৰ ভৱিষ্যতে মানুহ তেনে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন নহ’ব৷ ইয়াৰ কাৰণ হ’ল বিজ্ঞানীসকলে কৰা এটা দাবী ৷ বিজ্ঞানীসকলে এই বুলি দাবী কৰিছে যে তেওঁলোকে ‘জীৱনৰ অমৃত’ৰ সন্ধান বিচাৰি পাইছে৷ তেওঁলোকে কৰা দাবী অনুসৰি এবাৰ চিকিৎসা কৰাৰ পাছত মানুহৰ কোষবোৰ ইমামেই শক্তিশালী হৈ পৰিব যে কেতিয়াও নিস্তেজ হৈ নপৰে৷ কোষবোৰত ৰোগে আক্ৰমণ কৰিলেও লগে লগে ঠিক হৈ যাব৷ ডেইলী মিৰৰত প্ৰকাশিত এটা বাতৰিত কোৱা হৈছে যে নিউয়ৰ্কক ক’ল্ড স্প্ৰিং হাৰ্বাৰ লেবৰেটৰীৰ গৱেষকসকলে মানুহৰ শ্বেত ৰক্ত কণিকাক পুনৰ সংগঠিত [প্ৰগ্ৰেম] কৰাৰ কৌশল উদ্ভাৱন কৰিছে৷ ইয়াৰ নাম দিয়া হৈছে টি-চেল৷ সাধাৰণত মানুহৰ তেজত থকা টি-চেলে ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে, যাৰ সহায়ত আমাৰ শৰীৰে ৰোগৰ বিৰুদ্ধে যুঁজ দিয়ে৷ শৰীৰৰ ওজন হ্ৰাস কৰাই হওক বা পাচন শক্তি সঠিক কৰাৰ দৰে কাৰ্যত টি-চেলে সহায় কৰে৷ ইয়াৰ লগতে বিভিন্ন ৰোগৰ বাবে দায়ী ছিনেচেণ্ট কোষকো টি-চেলে আক্ৰমণ কৰে৷ কিন্তু মানুহৰ বয়স বৃদ্ধি পোৱাৰ লগে লগে বুঢ়া হৈ পৰা কোষবোৰে ইয়াৰ প্ৰতিৰূপ তথা নতুন কোষ সৃষ্টি কৰাতো বন্ধ কৰি দিয়ে৷ ইয়াৰ পাছত শৰীৰে দুৰ্গতিৰ সন্মুখীন হ’বলৈ আৰম্ভ কৰে আৰু শৰীৰত বিভিন্ন বিষ-কোপ বৃদ্ধি পোৱাৰ লগতে বিভিন্ন ৰোগে ঘেৰি ধৰে৷ বিজ্ঞানীসকলে এই টি-চেলক চি এ আৰ [কাইমেৰিক এণ্টিজেন ৰিচেপ্টৰ] টি-চেললৈ সংশোধন কৰিছে, যি এই বৃদ্ধ হৈ পৰা কোষবোৰক আক্ৰমণ কৰি নিশকটীয়া কৰি তোলে৷ বিজ্ঞানীসকলৰ এটা দলে নিগনিক লৈ কৰা অধ্যয়নত আশ্চৰ্যজনক ফল লাভ কৰে৷ নেচাৰ এজিং জাৰ্নেলত এই অধ্যয়নৰ প্ৰতিবেদন প্ৰকাশ পাইছে৷ বাতৰি কাকতখনে এই প্ৰতিবেদনৰ উদ্ধৃতি কয় যে বিজ্ঞানীসকলে টি-চেলক লৈ কৰা গৱেষণাটো নিগনিক লৈ পৰীক্ষা কৰি চাই আৰু ইয়াৰ ফল আচিল চমকপ্ৰদ৷ ইয়াত কোৱা হৈছে যে সংশোধিত টি-চেলক কৰা পৰীক্ষাত নিগনিয়ে সুস্বাস্থ্যৰে জীয়াই থকাৰ লগতে ওজনো হ্ৰাস পায়৷ পাচন শক্তি উন্নত হৈছে আৰু শৰ্কৰাৰ মাত্ৰা ভালদৰে নিয়ন্ত্ৰণো কৰিব পাৰিছে৷ সিঁহতি যুৱ নিগনিৰ দৰে কাম কৰিবলৈ লৈছে৷ এই গৱেষণাত জড়িত এগৰাকী বিজ্ঞানীয়ে প্ৰকাশ কৰা অনুসৰি বৃদ্ধ নিগনিৰ টি-চেল সংশোধন কৰাৰ পাছত বৃদ্ধ নিগনিকো তৰণ নিগনিৰ জৰে দেখা পোৱা গৈছে৷ সিহঁতৰ বয়স হ্ৰাস পাবলৈ ধৰিছে৷ ই এক চমৎকাৰী চিকিৎসা হ’ব৷ মানুহক ই নিশ্চিত ৰূপত চিৰ যৌৱনা কৰি ৰাখিব৷ ইয়াৰ ফলত নিতৌ ঔষধ সেৱন কৰাৰ প্ৰয়োজন নহ’ব৷ মেদবহুলতাত আৰু বহুমূত্ৰ ৰোগত ভোগা ৰোগীৰ বাবেও ই আশীৰ্বাদ হ’ব বুলি কোৱা হৈছে৷ ইয়াৰ লগতে মানুহৰ স্মৃতি শক্তিও বৃদ্ধি পাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here