হিকটি হৈছে এটা হঠাৎ হোৱা সমস্যা৷ ইয়াৰ অভিজ্ঞতা নথকা মানুহ বিৰল৷ অসমীয়া লোকবিশ্বাস মতে, হিকটি আহিলে মানুহজনক আঁতৰৰ পৰা কোনোবাই স্মৰণ কৰা বুলি কয়৷ কিন্তু বিজ্ঞানসন্মত কাৰণ হিচাপে ডাইফ্ৰাম, অৰ্থাৎ পেটৰ আৰু বুকুৰ মাজৰ মাংসপেশীৰ আকস্মিক সংকোচন হ’লে বায়ুনলীৰ উধ্বৰ্াংশত অৱস্থিত শ্বাসৰন্ধ্ৰ জাপ খাই যোৱাৰ ফলত হিকটিৰ সৃষ্টি হয়৷ হিকটি এনে এটা সমস্যা যি তৎক্ষণাৎ বন্ধ হ’ব পাৰে বা নিয়মিতভাৱে হৈও থাকিব পাৰে৷ কেতিয়াবা হিকটি বছৰ বছৰ ধৰিও থাকি যাব পাৰে৷ গতিকে হিকটি ৰোগ নহয় বুলি অৱহেলা কৰিব নালাগে৷ ইয়াৰ উপৰি হিকটিৰ অন্য কাৰণ হৈছে– খৰধৰকৈ বেছি মাত্ৰাত ভোজন কৰিলে, ধূমপান বা মদ্যপান, শীতল পানীয় ওপৰা-উপৰিকৈ গ্ৰহণ, জ্বলা-মছলাযুক্ত খাদ্য খালে হিকটি আহিব পাৰে৷ সাধাৰণতে আমাৰ হিকটি আহিলে অলপ অলপকৈ পানী খোৱা, পাতল খাদ্য যেনে বিস্কুট বা আন তেনেজাতীয় বস্তু খোৱা, খুব মিহিকৈ আদা চকলিয়াই খালে হিকটি বন্ধ হয়৷ দীঘলকৈ উশাহ টানি কেইছেকেণ্ডমান ধৰি ৰাখিলেও হিকটি অহা বন্ধ হয়৷ আঁঠুকেইটা বুকুলৈ চপাই মূৰটো সন্মুখলৈ হাওলালে হিকটি বন্ধ হোৱা দেখা যায়৷ কেতিয়াবা আকৌ হিকটি অহাৰ সময়ত মনটো আন কথালৈ মনোযোগ দিলেও বন্ধ নোহোৱা বুলি বিশ্বাস৷ সঘনাই হিকটি আহি থাকিলে আমি চিকিৎসকৰ পৰামৰ্শ লোৱাটো দৰকাৰী৷