তেজক আমাৰ শৰীৰৰ নদী বুলি কোৱা হয়৷ শৰীৰৰ প্ৰতিটো অংগ-প্ৰত্যংগলৈ সিৰা-উপসিৰাৰ মাধ্যমেৰে তেজৰ সৰবৰাহ হয়৷ তেজে শৰীৰটোৰ সবল, সুস্থ তথা শক্তিশালী কৰি ৰাখে৷ আনহাতে আপুনি নি(য় শুনিবলৈ পাইছে যে শৰীৰৰ নিতৌ নতুন তেজৰ সৃষ্টি হয়৷ সেয়ে শৰীৰত তেজৰ কেতিয়াও অভাৱ নহয়৷ আমি খোৱা খাদ্যবস্তুৰ যোগেদি শৰীৰে তেজ লাভ কৰে৷ সেয়ে মাজে সময়ে তেজ দান কৰাটো উচিত৷ ইয়াৰ ফলত এজনক জীৱন দান দিয়াৰ লগতে শৰীৰেও আৰু নতুন তেজ সৃষ্টিৰ লগতে শৰীৰো কিছু জীৱাণুমক্ত হয়৷ ইয়াৰ ফলত দুৰ্বল হৈ যায় নেকি বুলি আপুনি কেতিয়াও নাভাবিব৷ কিয়নো শৰীৰত সকলো সময়তে তেজ উৎপন্ন হৈ থাকে৷ এতিয়া আপোনাৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে যে প্ৰতিদিনে যিহেতু শৰীৰত তেজ উৎপন্ন হৈ থাকে, তেনেহ’লে শৰীৰৰ পুৰণি তেজবোৰ ক’লৈ যায়? কিয়নো ইমান বেছি পৰিমাণৰ তেজ শৰীৰত কিদৰে থাকে ইত্যাদি৷ মনত ৰাখিব যে তেজ অবিহনে মানুহ জীয়াই নাথাকে৷ শৰীৰৰ একেবাৰে ক্ষুদ্ৰতম অংগলৈও তেজ সৰবৰাহ হয়৷ যেতিয়া আমি খাদ্য গ্ৰহণ কৰোঁ, তেতিয়া আমাৰ শৰীৰে এই খাদ্য শোষণ কৰি হাড়লৈ যায়৷ ইয়াতে তেজৰ তৈয়াৰ প্ৰক্ৰিয়া আৰম্ভ হয়৷ মূল প্ৰসংগটো হ’ল আমাৰ শৰীৰত প্ৰতিদিনে নতুন তেজৰ সৃষ্টি হয়৷ কিন্তু পুৰণি তেজ নষ্ট হ’লেও সতেজতা থাকে৷ মূলতঃ দুই উপায়েৰে তেজ নষ্ট হ’ব পাৰে৷ প্ৰথমতে পুৰণি তেজ প্ৰধানতঃ প্ৰস্ৰাৱৰ মাধ্যমেৰে শৰীৰৰ পৰা বাহিৰ ওলাব পাৰে৷ দ্বিতীয়তে পুৰণি তেজ শৰীৰৰ বিভিন্ন অংশলৈ স্থানান্তৰিত হয় আৰু সেই ঠাই পূৰাবলৈ নতুন তেজৰ সৃষ্টি হয়৷ শৰীৰৰ ৰক্ত প্ৰবাহ বেছিভাগেই সংবহনতন্ত্ৰৰ মাধ্যমেৰে ঘটে, যাৰ ভিতৰত আছে হৃদপিণ্ড, ধমনী তথা সিৰা৷ এই প্ৰক্ৰিয়াৰ মাজেৰে শৰীৰৰ পুৰণি তেজ নষ্ট হৈ নতুন তেজৰ সৃষ্টি হৈ থাকে৷ কাৰোবাৰ শৰীৰৰ পৰা আধা লিটাৰ তেজ বাহিৰ হৈ গ’লে তেজৰ সেই অভাৱ পূৰণ কৰিবলৈ বেছি সময়ৰ প্ৰয়োজন নহয়৷ ৩-৪ দিনৰ ভিতৰতে তেনে ব্যক্তি সুস্থ হৈ উঠিব পাৰে৷ অৱশ্যে এই সকলো কথা নিৰ্ভৰ কৰে খাদ্যাভ্যাস তথা শৰীৰৰ ওপৰত৷ অৰ্থাৎ শৰীৰৰ পৰা তেজ কমি গ’লেও ইয়াৰ অভাৱ উপযুক্ত খাদ্য তথা শৰীৰৰ কাৰ্যক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে৷