মানুহৰ মগজুত আছে এটা ডিলিট বাটন৷ ক’ত আৰু কিদৰে এই বাটন ব্যৱহাৰ হয় অথবা এই ডিলিট বাটনে কিদৰে কাম কৰে সেই বিষয়ে জানিবলৈ এই আলোচনা৷ মানুহৰ মস্তিষ্কত থাকে এটা ডিলিট অপশ্যন৷ আপুনি যিমান বেছি আপোনাৰ মস্তিষ্কৰ এই নিউৰো ছাৰ্কিট সক্ৰিয় কৰিব, সেই চাৰ্কিটে সিমান বেছি শক্তিশালী হ’ব৷ আৰু সহজভাৱে ক’ব পাৰি যে কোনো অভ্যাসে মানুহক নিখুঁত কৰি তুলিব৷ বিজ্ঞানীৰ মতে কিছু নতুন কথা শিকাৰ বাবে অনুশীলনকৈও বেছি প্ৰয়োজন হয় পুৰণি বস্তু বা কথা পাহৰি যোৱা৷ অৰ্থাৎ পুৰণি স্নায়ু সংযোগ ভাঙি পেলোৱা৷ ইয়াকে কোৱা হয় ছিনাপটিক প্ৰুনিং৷ কিদৰে এই প্ৰক্ৰিয়াই কাম কৰে সেয়াও জানিবলগীয়া কথা৷ আপোনাৰ মগজুক এখন বাগিচাৰ লগত তুলনা কৰক৷ বাগিচাত ফল, ফুল, পাচলি হোৱাৰ দৰে মগজুত নিউৰনৰ মাজত চিনাপটিক সংযোগ গঢ়ি উঠে৷ বাগিচাত ফুল, ফল ৰোপণ কৰাৰ লেখীয়া একেদৰে মস্তিষ্কৰ নিউৰনৰ মাজত ছিনাপটিক সংযোগ বৃদ্ধি পায়৷ গ্লিয়াল কোষবোৰে আপোনাৰ মস্তিষ্কৰ উদ্যানপালক হিচাপে কাম কৰে৷ যিদৰে এজন মালীয়ে বাগিচাৰ যত্ন লয়, ঠিক নিউৰনৰ মাজত সংকেত ত্বৰান্বিত কৰাত সহায় কৰে৷ কিন্তু অন্যান্য গ্লিয়াল কোষে বৰ্জ্য অপসাৰণ কৰে৷ যি উদ্যানপালকে আপোনাৰ মস্তিষ্কক শাৰী কৰে, তাক বোলা হয় মাইক্ৰ’গ্লিয়াল কোষ৷
বিজ্ঞানীৰ মতে আপোনাৰ মস্তিষ্ক পৰিষ্কাৰ কৰাৰ কাৰণে নতুন জিনিছ বা কথা শিকা গুৰুত্বপূৰ্ণ৷ সেয়ে মনত ৰখা ভাল যে ইয়াৰ বাবে ভাল টোপনি খুব প্ৰয়োজন৷ আপুনি যেতিয়া নতুন কিছু শিকাৰ কিছুক্ষণ পাছত বুজিব পাৰিব আপোনাৰ মন এতিয়া ভৰি গৈছে৷ তেতিয়া মস্তিষ্কৰ মালী অৰ্থাৎ মাইক্ৰ’গ্লিয়াল কোষ ফচল কাটা আৰম্ভ হয়৷ তাৰ বাবে বিশ্ৰামৰ প্ৰয়োজন৷ এই ক্ষেত্ৰত মনত ৰখা দৰকাৰ যে আপুনি যেতিয়া টোপনি যায়, তেতিয়া মস্তিষ্কৰ সেই সংযোগবোৰ মচা গৈছে বা নোহোৱা হৈছে, যিবোৰ আপুনি দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰা নাই৷ সেই কাৰণেই কোৱা হয় যে মস্তিষ্ককো পৰিমাৰ্জনৰ প্ৰয়োজন৷ এই ক্ষেত্ৰত মনত ৰখা দৰকাৰ যে আপোনাৰ মস্তিষ্কৰ সেই সংযোগবোৰক শক্তিশালী কৰে যি আপু্নি আপোনাৰ জীৱন ব্যৱস্থাত সকলোতকৈ বেছি ব্যৱহাৰ কৰে৷ সেইবাবে বিজ্ঞানীয়ে কৈছে যে সৰ্বদা ভাল চিন্তা কৰক, ইতিবাচক থাকক, যাতে আপোনাৰ মনটোৱেও একে দিশে কাম কৰে৷