কথাটো আছে যে যিসকলৰ সংখ্যা বেছি, তেওঁলোকেহে ৰাজত্ব কৰে বেছিদিন৷ সেয়েহে এই কথা সময়ত খাটে৷ দেখা যায় যে এনে বহুতো শক্তিশালী প্ৰাণী আছে, যিবোৰৰ সংখ্যাত কম হ’লেও তেনে প্ৰাণীয়ে এই পৃথিৱীত প্ৰভাৱ বিস্তাৰ কৰে আৰু তেনে প্ৰাণীয়ে প্ৰাধান্য লাভ কৰি ৰাজত্ব কৰি থাকে৷ এই ৰাজত্বৰ বাবে নিৰ্ভৰ কৰে সেই প্ৰাণীৰ বুদ্ধিৰ বিকাশৰ ওপৰত৷ বহু বিজ্ঞানীয়ে বিভিন্ন ব্যাখ্যাত কৈছে যে পৃথিৱীখন ভৱিষ্যতে কাৰ ৰাজত্বলৈ যাব অৰ্থাৎ পৃথিৱীত ভৱিষ্যতে কোনে ৰাজত্ব কৰিব, সেই সম্পৰ্কে কথা৷ আনহাতে পৃথিৱীৰ ইতিহাসলৈ লক্ষ্য কৰি কোৱা হৈছে যে কোনো প্ৰজাতিৰ প্ৰাণীয়ে ইয়াত চিৰকাল থাকিব নোৱাৰে, সময়ৰ গতিত সংখ্যাৰ দিশৰ পৰা সৰহ হ’লেও তেনে প্ৰাণীৰ এদিন নহয় এদিন ধবংস অনিবাৰ্য৷ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ টিম কলিউছনে এটা ব্যাখ্যাত এই কথা বৰ্ণনা কৰিছে৷ তেওঁ জনাইছে যে এই পৃথিৱীৰ সমস্ত প্ৰজাতিতকৈ সকলোতকৈ উন্নত বুলি কোৱা মানুহ নামৰ প্ৰাণীটোৱে পৃথিৱীক অতবছৰে ৰাজত্ব কৰি আহিছে৷ মানুহৰ উন্নত চিন্তা, বিচাৰ-বুদ্ধি, কাম কৰাৰ ক্ষমতা আদি সকলো প্ৰাণীতকৈ পৃথক৷ এই পৃথিৱীত বাস কৰা আন ভয়ংকৰ প্ৰাণীকো সহজে বশ কৰিব পাৰে মানুহে৷ কিন্তু পৃথিৱীৰ যিমানবাৰ বিৱৰ্তন ঘটিছে, তাৰ পৰাই তাত নতুন প্ৰাণীৰ আৱিৰ্ভাৱ ঘটিছে৷ ইয়াৰ ব্যতিক্ৰম কেতিয়াও নহয়৷ প্ৰফেছৰ টিম কলিউছন মতে পৃথিৱীৰ বুকুত এনে এক প্ৰাণীৰ জন্ম হ’ব যি পানী আৰু স্থল সমানভাৱে বিচৰণ কৰিব পাৰিব৷ সেই তালিকাত কুম্ভিৰ থাকিলেও নতুন প্ৰাণীবিধ ইয়াকো হাৰ মনাব৷ পৃথিৱীৰ ইকোছিষ্টেম যিদৰে প্ৰস্তুত হৈছে, সেইদৰে নিজকে মানি ল’ব লাগিব৷ পৃথিৱীত নিজক বচাই ৰাখিবলৈ যুঁজ দিবলৈ সক্ষম হ’ব এইবিধ প্ৰাণীয়ে৷ আনকি দ্ৰুত বংশ বিস্তাৰ কৰাটো অতি পটু নতুন প্ৰাণীবিধ৷ যাৰ বাবে এইবিধ প্ৰাণীৰ বিনাশ প্ৰায় অসম্ভৱ হৈ পৰিব৷ তেওঁ তিনি প্ৰকাৰৰ অক্টোপাছৰ উদাহৰণ দাঙি ধৰিছে৷ তেওঁৰ মতে যিদৰে অক্টোপাছে পানীৰ মাজত থকা এবিধ বুদ্ধিমান প্ৰাণী, যি যিকোনো সময়তে নিজৰ ৰং পৰিৱৰ্তন কৰিব পাৰে, ঠিক তেনে গুণৰ অধিকাৰী হ’ব এই নতুন জীৱবিধ৷ নিজক সুৰক্ষা দিয়াৰ কৌশল জনাৰ লগতে প্ৰত্যাক্ৰমণৰ নিত্য নতুন আৱিষ্কাৰ কৰিব পাৰিব জীৱবিধে৷ পৃথিৱীখন পানীৰ গভীৰত সোমাই গ’লেও বা সূৰ্যৰ পোহৰ নপৰিলেও পানীৰ তলতে সৃষ্টি হ’ব নতুন এই প্ৰজাতিৰ৷ যি পানীকে তেওঁলোকৰ ঘৰ হিচাপে তৈয়াৰ কৰিব৷ প্ৰস্তুত হ’ব নতুন প্ৰজাতিৰ ইতিহাস৷