ডলফিন আৰু হাতীৰ নিচিনা এই প্ৰাণীটিয়েও নিজেই বেলেগ বেলেগ নাম দিয়ে আৰু সেই নামেৰে এই প্ৰাণীবোৰৰ মাজত পৰিচিত হয়৷ অৰ্থাৎ এই প্ৰজাতিৰ প্ৰতিটো প্ৰাণীৰে এটা সুকীয়া সুকীয়া নাম দি লয় আৰু সিহঁতৰ মাজত সেই নামটোৱেই পৰিচয় লাভ কৰে৷ শুনিবলৈয়েই কিমান আচৰিত নহয়নে? পিছে সাম্প্ৰতিক এক গৱেষণাত এই কথা পোহৰলৈ আহিছে৷ আমি আগতে পাই আহিছোঁ যে ডলফিনে সিহঁতৰ নিজৰ মাজত সুকীয়া সুকীয়া বেলেগ নামেৰে চিনি পায়৷ ঠিক একেদৰে হাতীৰ ক্ষেত্ৰতো কথাটো একেই৷ কিন্তু এই দুই প্ৰাণীৰ বাদে জীৱজগতত আন এক প্ৰাণীৰো নাম সোমাল এই তালিকাত৷ মাৰ্কিন সংবাদপত্ৰ ৱাশ্বিংটন পোষ্টত প্ৰকাশিত এক প্ৰতিবেদন অনুযায়ী এক বিশেষ প্ৰজাতিৰ বান্দৰে তেওঁলোকৰ মাজত বেলেগ নামে পৰিচিত হয়৷ দেিখবলৈ খুব সুন্দৰ এই বান্দৰৰ প্ৰজাতিটোে সিহঁতৰ নিজৰ মাজতে চিনাকি পাবলৈ সুকীয়া নামেৰে পৰিচিত হোৱাৰ কথাটো গৱেষণাত প্ৰকাশ পায়৷ এই বান্দৰৰ প্ৰজাতিক মাৰ্মোছেট বান্দৰ বুলি জনা যায়৷ মানুহে কাৰোবাক মাতিবলৈ যিদৰে নাম ধৰি মাতে, ঠিকসেইদৰে এই মাৰ্মোছেট বান্দৰেও সিহঁতৰ মাজত কথোপকথন বা মাতিবলৈ বেলেগ বেলেগ ধৰণে চিঞৰে, অৰ্থাৎ মাতে৷ সেই বিশেষ আৱাজ কৰিলেই সিহঁতৰ মাজৰ কোনটোক নিৰ্দিষ্টকৈ মাতিছে বুজি পায়৷ অৰ্থাৎ প্ৰতিটো বান্দৰৰ কাৰণে মুখেৰে বেলেগ বেলেগ শব্দ কৰে৷ সেইটোও সিহঁতৰ সুকীয়াকৈ দিয়া নাম৷ মাৰ্মোছেটে যেতিয়া একেলগে থাকে, তেতিয়া সিহঁতৰ মুখৰ পৰা বিভিন্ন শব্দ বাহিৰ হয়৷ এতিয়া প্ৰাণীৰ নিজৰ মাজতে কৰা নামকৰণৰ তালিকাত এই মাৰ্মোছট বান্দৰো অন্তৰ্ভুক্ত হ’ল৷