মহাকাশত আৱৰ্জনাৰ বোজা দিনক দিনে বৃদ্ধি পাইছে৷ মন কৰিবলগীয়া যে এতিয়ালৈকে প্ৰায় চাৰে ছহেজাৰ ৰকেট উৎক্ষেপণ কৰা হৈছে৷ ইয়াৰ অৰ্থ হ’ল মহাকাশত আৱৰ্জনা অধিক বৃদ্ধি পাইছে৷ ইউৰোপিয়ান ছাউডাৰ্ন অবজাৰ্ভেটৰিয়ে কৰা অনুমান অনুসৰি ২০৩০ চনলৈ কৃত্ৰিম উপগ্ৰহ কাৰ্যসূচী অধিক বৃদ্ধি পাই গৈ থাকিব আৰু মহাকাশত ইয়াৰ সংখ্যা ৭৫ হাজাৰৰ অধিক হ’বগৈ৷ প্ৰতিটো কৃত্ৰিম উপগ্ৰহৰ উৎক্ষেপণৰ লগে লগে মহাকাশতো আৱৰ্জনা বৃদ্ধি পাব৷ কম্বাইন্ড ফ’ৰ্চ স্পেচ কম্প’নেণ্ট কমাণ্ডে [চি এফ এছ চি চি] মহাকাশত থকা আৱৰ্জনাৰ ওপৰত চকু ৰাখে৷ চি এফ এছ চি চিৰ তথ্য মতে, বৰ্তমান ১০ চেণ্টিমিটাৰ বা তাতকৈ ডাঙৰ আকাৰৰ ১০ লাখ টুকুৰা মহাকাশত পৃথিৱীৰ আশে-পাশে ঘূৰি থাকিব৷ আনহাতে ১–৯ চেণ্টিমিটাৰ দীঘল প্ৰায় ১৩ কোটিতকৈ অধিক আৱৰ্জনাৰ টুকুৰা মহাকাশত ঘূৰি আছে৷ এইবিলাক ৰকেটৰ টুকুৰা, পেইণ্ট আৰু আনকি মহাকাশচাৰীৰ মল-মূত্ৰও হ’ব পাৰে৷ আকাৰত সৰু হ’লেও বন্দুকৰ গুলীতকৈও বেছি বেগত ঘূৰি থকা এই টুকুৰাবোৰে নিজৰ কক্ষপথত ঘূৰি থকা যিকোনো মহাকাশযান বা কৃত্ৰিম উপগ্ৰহক খুন্দিয়ালে ডাঙৰ বিপৰ্যয়ৰ সৃষ্টি হ’ব পাৰে৷ মানুহে মহাকাশ অভিযান আৰম্ভ কৰাৰ পৰা এতিয়ালৈকে বিভিন্ন দেশে সফল-অসফল বৃহৎসংখ্যক অভিযান চলাইছে৷ প্ৰতিটো অভিযানতে মহাকাশত আৱৰ্জনা বৃদ্ধি পায়৷ বিকল হৈ পৰা কৃত্ৰিম উপগ্ৰহ, এইবিলাক উৎক্ষেপণ কৰোঁতে ব্যৱহাৰ কৰা ৰকেট বুষ্টাৰ আদি উৎক্ষেপণৰ পাছত মহাকাশতে থাকি যায়৷ কৃত্ৰিম উপগ্ৰহ বিধবংসী অস্ত্ৰ অৰ্থাৎ ক্ষেপণাস্ত্ৰই ধবংস কৰা নিম্ন কক্ষপথত থকা কৃত্ৰিম উপগ্ৰহৰ আৱৰ্জনা মহাকাশত সিঁচৰতি হৈ পৰে৷ এই টুকুৰাবোৰৰ আকাৰ এক চেণ্টিমিটাৰতকৈ সৰু হ’লেও প্ৰতি ঘণ্টাত প্ৰায় এহেজাৰ কিল’মিটাৰ বেগত মহাকাশত অনিয়ন্ত্ৰিতভাৱে ঘূৰি আছে৷ যদিহে এই টুকুৰাবোৰে কোনো কৃত্ৰিম উপগ্ৰহ তথা মহাকাশ যানক খুন্দা মাৰে, তেতিয়া গুৰুতৰ লোকচান হ’ব পাৰে৷ ২০২১ চনত চীনৰ এটা কৃত্ৰিম উপগ্ৰহে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত খুন্দা মৰাৰ ফলত কেন্দ্ৰটোৰ যথেষ্ট লোকচান হৈছিল৷ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি বৰ্তমানৰ গতি অব্যাহত থাকিলে এটা সময়ত মহাকাশত আৱৰ্জনাৰে ভৰি পৰিব আৰু অকণো খালী স্থান নাথাকিব৷ ইয়াৰ ফলত এই আৱৰ্জনাৰ টুকুৰাবোৰে পৰস্পৰক খুন্দা মাৰি থাকিব৷ কেৱল সিমানেই নহয়, কৃত্ৰিম উপগ্ৰহবোৰৰ প্ৰতিও প্ৰতি মুহূৰ্ততে ভাবুকিৰ সৃষ্টি কৰি থাকিব৷ মন কৰিবলগীয়া যে মানুহে চন্দ্ৰতো বৃহৎ পৰিমাণৰ আৱৰ্জনা এৰি থৈ আহিছে৷ ইয়াৰ ভিতৰত মানুহৰ মল-মূত্ৰৰ পেকেটো আছে৷ চন্দ্ৰত এনেধৰণৰ শতাধিক পেকেটৰ লগতে প্ৰায় ২০০ টন আৱৰ্জনা এৰি থৈ আহিছে৷