পুৰণি কালত মানুহ অমৰ হোৱাটো সাধুকথাত শুনিবলৈ পাইছিল অথবা বিজ্ঞানভিত্তিক কল্প কাহিনী আছিল৷ এতিয়া আমি সপোনতো নভবা কথা এই সাধুকথাৰ কাহিনীয়ে এতিয়া বাস্তৱ ৰূপ পোৱাৰ দিশে গতি কৰিছে৷ এয়াই হৈছে বিজ্ঞান-প্ৰযুক্তিৰ চমৎকাৰিত্ব৷ অদূৰ ভৱিষ্যতে মানুহৰ বয়স বৃদ্ধি হ’ব, বৃদ্ধাৱস্থাক পুনৰ যুৱাৱস্থালৈ ঘূৰাই আনি মানুহক অমৰত্ব প্ৰদান কৰিব– এই দাবী কৰিছে বিজ্ঞানীয়ে৷ আন্তঃৰাষ্ট্ৰীয় সংস্থা হিউমেনিটি প্লাথৰ বিজ্ঞানী জ’ছ কাৰ্ডিৰোৱে দাবী কৰা মতে কেইবছৰমানৰ ভিতৰতে মানুহক অমৰ কৰাৰ প্ৰচেষ্টাই সাৰ্থক ৰূপ ল’ব পাৰে৷ তেওঁৰ মতে ২০৩০ চনৰ পৰা জীৱিত লোকসকলৰ বয়স ক্ৰমান্বয়ে বৃদ্ধি কৰিব পৰা যাব আৰু ২০৪৫ চনৰ পৰা মানুহক অমৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা যাব৷ বিজ্ঞানীজনে লগতে কয় যে আগতে মানুহৰ গড় বয়স কম আছিল আৰু এতিয়া বহুখিনি বৃদ্ধি পালে৷ উদাহৰণস্বৰূপে তেওঁ উল্লেখ কৰে যে ১৮৮১ চনত মানুহৰ গড় আয়ুস আছিল মাত্ৰ ২৫.৪ বছৰ কিন্তু এতিয়া মানুহৰ গড় আয়ুস ৬৯.৭ বছৰলৈ বৃদ্ধি পাইছে৷ তেওঁৰ মতে অদূৰ ভৱিষ্যতে ডি এন এৰ এজিঙক ৰিভাৰ্চ এজিঙলৈ সলনি কৰি দিয়া হ’ব৷ তেওঁ কৰা এই দাবীৰ মূলতে হ’ল হাৰ্ভাৰ্ড আৰু বষ্টনত কৰা গৱেষণা৷ এই গৱেষণাত বুঢ়া এন্দুৰক যুৱ অৱস্থালৈ সলনি কৰা হৈছে৷ যুৱ ৰূপ পোৱা এন্দুৰৰ গাত বুঢ়া অৱস্থাত থকা বিকাৰসমূহো নোহোৱা হৈ গৈছে৷ হাৰ্ভাৰ্ড মেডিকেল স্কুল আৰু বষ্টন বিশ্ববিদ্যালয় কৰা এই যুটীয়া গৱেষণাত বিষয়ে ‘চেল’ নামৰ পত্ৰিকাখনত প্ৰকাশিত হৈছে৷ এই বিষয়ে গৱেষক ডেভিদ ছিনক্লেয়াৰে কয় যে বয়স পূৰ্বাৱস্থালৈ ঘূৰাই নিব পৰা এক প্ৰক্ৰিয়া৷ তেওঁৰ মতে বয়স সালসলনি কৰিব পৰা যায়৷ গৱেষণাটোৰ পৰা এই কথাই স্পষ্ট হৈছে যে বৃদ্ধাৱস্থাক তৰুণ অৱস্থালৈ সলনি কৰিব পাৰি৷ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি এই বিশেষ প্ৰক্ৰিয়াৰ জৰিয়তে মানুহৰ বয়স কমেও ৩০ বছৰ বৃদ্ধি কৰিব পৰা যাব৷