মানসিক চাপ তথা মনৰ মাজত হ’ব পৰা দুশ্চিন্তাই আমাক কি পৰ্যায়লৈ নিব পাৰে, সেয়া হয়তো আমি কল্পনাও কৰিব নোৱাৰোঁ৷ আজিৰ সমাজত দৈনিক সংঘটিত হৈ থকা আত্মহত্যাৰ ঘটনাৰ মূল কাৰণটোৱে হৈছে মানসিক দ্বন্দ্ব বা চাপ৷ মানসিক চাপ বৃদ্ধি হৈ কেতিয়াবা এনে এটা অৱস্থা হয় যে সেই লোকজনে শেষ আশ্ৰয় হিচাপে আত্মহত্যাকে বাছি লয়৷ আজিৰ সমাজত এই উদ্বেগজনক ঘটনা যথেষ্ট বৃদ্ধি পাইছে৷ এনে অপমৃত্যুৰ ঘটনা বৰ্তমান সমাজ ব্যৱস্থাত ব্যাধিৰ ৰূপ লৈছে৷ যাক লৈ সমাজৰ সকলো শ্ৰেণীৰ লোক চিন্তিত হৈ পৰিছে৷ এনে অন্তদ্বৰ্ন্দ্ব বা মেণ্টেল প্ৰেছাৰৰ ভোগাৰ বহুতো ইয়াৰ কাৰণ আছে৷ সেয়ে আমি সকলোৱে চাপমুক্ত হৈ জীৱন জিয়াবলৈ যত্ন কৰিব লাগে৷ যিকোনো সমস্যাই দেখা দিয়ে ততালিকে সমাধানৰ পথৰ সন্ধান কৰিব লাগে৷ মানসিক চাপৰ প্ৰভাৱত ঘটা ঘটনাবোৰে সমাজত ব্যাপক হাৰত ক্ষতি কৰিছে৷ সেয়ে মনটো চাপমুক্ত কৰি ৰাখিবলৈ আমি নিয়মিতভাৱে কিছু অভ্যাস কৰাটো অতিকে জৰুৰী৷ মানসিক চাপ নিয়ন্ত্ৰণৰ বাবে আমি যোগাসনৰ সুবিধা ল’ব পাৰে৷ কিছুমান এনে যোগাসন আছে, যিবোৰ দৈনিক অভ্যাস কৰিলে মানসিক চাপ নিলগতে মাৰ যায়৷ মনটো সদায় প্ৰফুল্লিত হৈ থাকে৷ মন-মগজুক শান্ত কৰি ৰাখে তথা মনৰ উদ্বেগ-উদ্বিগ্নতা নোহোৱা কৰিব পাৰে৷ তেনে এবিধ যোগাসন হ’ল ভদ্ৰাসন৷ নিয়মিতভাৱে ভদ্ৰাসন কৰাৰ অভ্যাস কৰিলে আপনি চাপমুক্ত জীৱন কটাব পাৰে৷
কিদৰে কৰিব ভদ্ৰাসন ঃ- প্ৰথমে মেৰুদণ্ড পোন কৰি মাটিত বহি লওক৷ তাৰ পাছত আঁঠু দুটা কোঁচাই লৈ ভৰি দুখন একলগ কৰাৰ চেষ্টা কৰক৷ এনে কৰোঁতে যাতে দুয়োখন ভৰিৰ তলুৱা লগ লাগি থাকে আৰু হাত দুখনেৰে এই বন্ধনটো খোল নাযাবলৈ ধৰি থাকক৷ এনে অৱস্থাত আপোনাৰ ভৰি দুখনে সম্পূৰ্ণ মাটিত স্পৰ্শ কৰি থাকিব আৰু মেৰুদণ্ড পোন হৈ থাকিব৷ এইদৰে কিছু সময় ৰৈ পাছত আগৰ অৱস্থালৈ ঘূৰি যাব৷