বাগিচাৰ সৌন্দৰ্যবৰ্ধন, পূজা-পাতল তথা ঘৰুৱা ক্ৰিয়া-কৰ্ম, সুবাসিত মন তথা মনক প্ৰফুল্লিত কৰি ৰখাৰ বাবেই নহয়, মানসিক চাপ কমাই ৰখাতো ফুলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ মানুহৰ দৈনন্দিন ব্যস্ততাপূৰ্ণ কৰ্মসূচী, দিনৰ দিনটো আহৰি নোপোৱকৈ জীৱন-যাপন কৰা তথা বিভিন্ন আনুষংগিক কাৰণত মানসিক চাপ বঢ়াৰ এটা অন্যতম কাৰণ৷ এইদৰে মানসিক উদ্বেগ, চাপ বঢ়াৰ ফলত মানুহজন বিপথে পৰিচালিত হ’ব পাৰে৷ মানসিক চাপ নিয়ন্ত্ৰণ কৰাটো খুবেই প্ৰয়োজন৷ কিছুমান ফুল আছে, যিবোৰে মানসিক চাপ কমাই ৰাখিব পাৰে৷ সেয়ে ঘৰৰ চৌহত তথা বাগিচাত এইসমূহ ফুল থকাটো উচিত, যিয়ে মানসিক চাপ নিয়ন্ত্ৰণত ৰাখিব পাৰে৷
লেভেণ্ডাৰ দেখাত যিমান সুন্দৰ তথা সুগন্ধযুক্ত, সিমানে স্নিগ্ধও৷ ইয়াৰ আমোলমোল গোন্ধত মন হয় সুবাসিত তথা শান্ত৷ উল্লেখ্য যে এৰোমা থেৰাপিত লেভেণ্ডাৰ ফুল ব্যৱহাৰ কৰা হয়৷ কিয়নো এইবিধ ফুলে মানসিক চিন্তা তথা উদ্বেগ কমোৱাত সহায় কৰে৷
কেমোমাইল ফুলৰ সহায়ত স্বাস্থ্যকৰ চাহ তৈয়াৰ হয়৷ ইয়াৰ গোন্ধে মন ভুলাই দিয়াৰ ক্ষমতা আছে৷ সেয়ে বাগিচাত কেমোমাইল ফুল ৰোপণ কৰা উল্লেখযোগ্য৷ এই ফুলে মানসি চাপ তথা উদ্বিগ্নতা কমাই ৰখাত সহায় কৰে৷
জুঁই ফুল প্ৰায় সকলো লোকেই পচন্দ কৰে৷ ঘৰৰ চৌহদ তথা বাগিচাত জঁুইফুল থাকিলে ফুলৰ মিঠা সুবাসত গোটেই চৌহদটোৱে আমোলমোলাই থাকে৷ জুঁইফুলৰ এই সুবাসে ক্লান্ত তথা ভাগৰুৱা মন সতেজ কৰি তোলে আৰু মনৰ ভিতৰত থকা চিন্তা-অশান্তি আদি নিমিষতে দূৰ কৰাত সহায় কৰে৷
গোলাপক ফুল ৰাণী বুলি কোৱা হয়৷ গোলাপত গোন্ধ-ৰূপ-সৌন্দৰ্যক লৈ বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই৷ কবিতাৰ পৰা গান, প্ৰেম নিৱেদন আদিত সৰ্বত্ৰে এই ফুলৰ ৰাজত্ব৷ এৰোমা থেৰাপীত এই ফুল ব্যৱহাৰ কৰি মানুহৰ মানসিক চাপ, উদ্বেগ আদি নোহোৱা কৰা হয়৷ গোলাপ ফুলৰ সুবাসে মন-প্ৰাণ ভৰি নি মন প্ৰফুল্লিত কৰি ৰখাত সহায় কৰে৷