Beauty PlusFitness PlusHealth NaturallyHealth Talksমানসিক চাপে হাৰ্টৰ আয়ুস কমায় নেকি?By Health Plus - June 25, 202504Facebook Twitter Pinterest WhatsApp তিনিখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাত স্পষ্ট হৈছে যে মানসিক চাপে বিভিন্ন ক্ষেত্ৰত আনকি হাৰ্ট এটেকৰ কাৰণ হ’ব পাৰে৷ মানসিক চাপৰ চিকাৰ হ’লে সুস্থ মানুহৰ ক্ষেত্ৰতো হাৰ্টৰ সমস্যাই দেখা দিব পাৰে৷ দৈনন্দিন জীৱনত মানসিক চাপ প্ৰায় সকলোৰে অলপ হ’লেও থাকেই৷ বহুতৰ ক্ষেত্ৰতে এই চাপক জীৱন যাপনৰ অংগ হিচাপে একেলগে চলে৷ কিন্তু ইয়াৰ ফলত ক্ষতিৰহে সন্মুখীন হ’বলগা হয়৷ কাৰণ মানসিক চাপে হাৰ্টৰ স্বাস্থ্যত প্ৰভাৱ পেলায়৷ বহু গৱেষণাত এই কথা কোৱা হৈছে৷মানসিক চাপ বাঢ়িলে ৰক্তচাপ বৃদ্ধি হয়৷ এয়া স্বাভাৱিক ঘটনা৷ কিন্তু মানসিক চাপ দূৰ নহ’লে যদি ৰক্তচাপৰ মাত্ৰাও উচ্চ মাত্ৰাত থাকে, তেনে ক্ষেত্ৰত হাইপাৰটেনশ্যনৰ সমস্যা, হাৰ্টৰ অসুখ আদি হ’ব পাৰে৷ অকল এয়াই নহয়, উচ্চ ৰক্তচাপৰ সমস্যাই হাৰ্ট এটেকৰ কাৰণ হ’ব পাৰে৷মানসিক চাপত থাকিলে স্বাভাৱিক হৃৎস্পন্দনৰ মাত্ৰা ব্যাহত হয়৷ পুৱা টোপনিৰ পৰা উঠাৰ সময়ত হঠাতে হৃৎস্পন্দন বাঢ়িব পাৰে অথবা কেইমুহূৰ্তৰ বাবে হৃৎস্পন্দন বন্ধ হ’বও পাৰে৷ এই সকলোবোৰে হাৰ্টৰ স্বাস্থ্যত প্ৰভাৱ পেলায়৷ ক্ষতি হ’ব পাৰে হাৰ্টৰ পেশীৰ, যিয়ে হাৰ্ট এচেকৰ সম্ভাৱনা বঢ়াই দিয়ে৷দিনৰ পাছত দিন মানসিক চাপত থাকিলে শৰীৰত প্ৰদাহ মাত্ৰা বাঢ়িব পাৰে৷ বিশেষকৈ হৃদপিণ্ডলৈ তেজ সৰবৰাহ কৰা ধমনীত বেছি মাত্ৰাত প্ৰদাহ বাঢ়িব পাৰে৷ যাৰ ফলত ধমনীত ফেট, কোষৰ বৰ্জ্য, কলেষ্টৰেল, কেলচিয়ামৰ আস্তৰণ পৰিব পাৰে৷ যাৰ বাবে হাৰ্টৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া শ্লথ হৈ যায়, যিয়ে গোটেই শৰীৰৰ ৰক্ত সঞ্চালনত প্ৰভাৱ পেলাব পাৰে৷মানসিক চাপত থাকিলে শৰীৰৰ ষ্ট্ৰেচ হৰমন নিসৃত হয়৷ এই হৰমনে তেজ ঘন কৰে আৰু তাৰ মাজত জমা হোৱাৰ বাধাৰ প্ৰৱণতা প্ৰস্তুত কৰে৷ তেজ জমাত বাধা পালে ধমনীত ব্লকেজৰ সৃষ্টি কৰি হাৰ্ট এটেক আনকি ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা থাকে৷মানসিক চাপত থাকিলে বহুতেই ৰাতি শুব নোৱৰা হয়৷ টোপনিত ব্যাঘাত বা টোপনিৰ অভাৱ হ’লে হাইপাৰটেনশ্যনৰ সম্ভাৱনা বাঢ়ে৷ যিয়ে ৷ যিয়ে হাৰ্টৰ ৰোগৰ সম্ভৱানা অধিক বঢ়ািই দিয়ে৷