পশ্চিম-মধ্য প্ৰশান্ত মহাসাগৰত থকা তুবালু বিশ্বৰ চতুৰ্থ আটাইতকৈ ক্ষুদ্ৰ দেশ৷ প্ৰায় ৪ বৰ্গকিল’মিটাৰৰ এই দ্বীপৰাষ্ট্ৰখন এতিয়া পৃথিৱীৰ মানচিত্ৰৰ পৰা নোহোৱা হৈ যোৱাৰ সম্ভাৱনাই দেখা দিছে৷ হাৱাই আৰু অষ্ট্ৰেলিয়াৰ মাজত থকা এই দেশখনৰ জনসংখ্যা মাত্ৰ ১২,৩৭৩জন৷ পূৰ্বতে দেশখনলৈ বৃহৎসংখ্যক পৰ্যটকৰ আগমন হৈছিল৷ কিন্তু লাহে লাহে দ্বীপৰাষ্ট্ৰখনত ভ্ৰমণ কৰা লোকৰ সংখ্যা হ্ৰাস পাই আহিছে৷ দেশখনত থকা একমাত্ৰ বিমান বন্দৰটো দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত আমেৰিকাৰ নৌসেনাই নিৰ্মাণ কৰিছিল৷ শেহতীয়াকৈ মাত্ৰ ২ হাজাৰ পৰ্যটকে ভ্ৰমণ কৰা এই দ্বীপটোত হয়তো অচিৰেই কোনো মানুহ নাথাকিব৷ দ্বীপটোৰ অস্তিত্বই নাথাকিব বুলি কোৱা হৈছে৷ ইউ এন ডি পিৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে গতিশীল প্ৰবাল দ্বীপটোত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে৷ সমুদ্ৰৰ ঢৌ আৰু আন কাৰণত তুবালুৰ যথেষ্ট লোকচান হৈছে৷ শান্তিপূৰ্ণ দ্বীপটোৰ উপকূলত পৰ্যটকে নিশাৰ সৌন্দৰ্য তথা আনন্দ উপভোগ কৰিব পাৰে৷ যথেষ্টসংখ্যক নাৰিকল গছ থকা দ্বীপ ৰাষ্ট্ৰখনৰ নিজা মুদ্ৰাও আছে৷ কিন্তু বিশ্বৰ উষ্ণতা বৃদ্ধিয়ে ইয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি মাতিছে৷ সাগৰপৃষ্ঠৰ পৰা মাত্ৰ দুই মিটাৰ উচ্চতাৰ এই দ্বীপটো লাহে লাগে পানীত তল যাব বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে৷